Breaking

বাক্সাৰ সুৱনখাটাত কালিৰে পৰা ঐতিহাসিক ৭০ সংখ্যক মাঘমেলা উদযাপন

0 29

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটা বিভিন্ন জাতি, জনগোষ্ঠীৰ সমন্বয়ৰ এক অন্যতম পীঠস্থান। জিলাখনৰ সীমান্তৱৰ্তী এই সুৱনখাটাত কালিৰ পৰা সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ঐতিহাসিক ৭০ সংখ্যক সুৱনখাটা মাঘমেলা ৷ উল্লেখ্য ঐতিহাসিক মাঘমেলা বিগত ১৭ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া আছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে মেলা স্থগিত ৰাখিছিল আয়োজক সমিতিয়ে ৷ সম্প্ৰতি ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পিছত মাঘমেলা উদযাপন সমিতিয়ে পুনৰ আজিৰে পৰা ২৬ ফেব্ৰুৱাৰীলৈ সাতদিনীয়াকৈ মেলা অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে ৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ বাবে বছৰ বছৰ ধৰি যৌথভাৱে অনুষ্ঠিত কৰি অহা ভূটান-ভাৰত বন্ধুত্ব মেলা এই বেলি অনুষ্ঠিত নহয় ৷ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত মুখ্যদ্বাৰ উন্মোচন কৰে বাক্সা জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াই I পতাকা উত্তোলন কৰে মাঘমেলা সমিতিৰ সভাপতি খগেন পাঠক দাসে I ইয়াৰ পিছত অঞ্চলটোৰ বিভিন্ন জাতি -জনগোষ্ঠীৰ সমন্বয়ৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে মাঘমেলা সমিতিৰ উপদেষ্টা মহেন্দ্ৰ ৰামছিয়াৰীয়ে I মুখ্য তোৰণ আৰু মীনা বাজাৰ উদ্বোধন কৰে ক্ৰমে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু ৬৪ নং এছ এছ বিৰ কামাণ্ডেন্ট নন্দ কিশোৰ তামতাই ৷ সীমান্তৱৰ্তী অঞ্চলটোৰ জনসাধাৰণৰ মাজত আৰ্থ-সামাজিক তথা সাংস্কৃতিক মত -বিনিময়ৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত এই মেলাত ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰৰো ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল।

Leave A Reply