বানাক্ৰান্ত ৰাইজলৈ EMI পৰিশোধৰ ক্ষেত্ৰত এক সকাহজনক আঁচনি।
আগন্তুক ৬ মাহলৈ গ্ৰাহকে কেৱল ঋণৰ সূত পৰিশোধ কৰিলেই হ’ব।
মূলধনৰ কিস্তি অৰ্থাৎ EMI পৰিশোধ স্থগিত ৰাখিব পাৰিব।
এপেক্স বেংক লিমিটেডৰ ঋণ লোৱা গ্ৰাহকলৈ এই সকাহ।
বানপীড়িত ঋণগ্ৰস্ত লোকসকলে যাতে সাময়িক সকাহ লাভ কৰে তাৰ বাবেই এই সিদ্ধান্ত।
অসম সমবায় এপেক্স বেংকৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঋণগ্ৰাহকসকলক সাময়িক সকাহ।
মৰেট’ৰিয়াম সুবিধাৰ অধীনত আগন্তুত ৬মাহলৈ কেৱল সূতৰ ধন পৰিশোধ কৰিলেই হ’ব।
বান পৰিস্থিতিৰ বাবে আর্থিক অসুবিধাত পৰা ঋণগ্রাহকসকলে লাভ কৰিব বিশেষ সুবিধা।
বানপীড়িত লোকসকলক সকাহ দিয়াৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।

