ভাগ্যৰ দুৱাৰ মুকলি হ’ল টিভিকেৰ নেতা বিজয়ৰ৷ টিভিকেৰ মুখ্য কাৰ্যালয়ত সেয়ে এতিয়া বৈ গৈছে আনন্দৰ লহৰ৷ অৱশেষত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে- তামিলনাডুৰ প্ৰথমখন মিত্ৰজোঁট চৰকাৰ আৰু বিজয়ে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পথ মুকলি কৰি দিলে৷ বিদুথলাই চিৰুথাইগাল কট্চি [ভিচিকে] আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ [আই ইউএমএল] দুয়োটাৰে দুজনকৈ এমএলএ এতিয়া নিজৰ বিনাচৰ্তে বৃদ্ধি কৰিছে তামিলাগা ভেট্ৰি কাঝাগাম [টিভিকে]লৈ সমৰ্থন৷ তেওঁলোকৰ সমৰ্থনত টিভিকে নেতৃত্বাধীন মিত্ৰজোঁটৰ শক্তি এতিয়া ১২০ত উপনীত হৈছে ১১৮১ হাফৱেৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি৷ সংবাদ মাধ্যমে লাভ কৰা ভিচিকেৰ সমৰ্থন পত্ৰত কোৱা হৈছে যে বিজয়ক সমৰ্থন কৰাৰ সিদ্ধান্ত তামিলনাডুত এখন সুস্থিৰ আৰু গণতান্ত্ৰিক চৰকাৰ নিশ্চিত কৰা হৈছিল৷’ এই সমৰ্থনে তামিলনাডুৰ জনসাধাৰণৰ বাবে সুস্থিৰ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে৷’ ১১৮জন বিধায়কে ৰাজ্যপালক চৰকাৰ গঠনৰ বাবে দাবী জনাব৷ তাৰ পিছত ৰাজ্যপালে তেওঁক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব৷ ভিচিকেৰ সমৰ্থনে টিভিকেৰ হিচাবত দুখন গুৰুত্বপূৰ্ণ আসন যোগ কৰে৷ ইয়াৰ পূৰ্বে বিজয় নেতৃত্বাধীন মিত্ৰজোঁটৰ সমৰ্থন আছিল কংগ্ৰেছৰ প্তজন আৰু বাঁওপন্থী দলৰ চাৰিজনকে ধৰি ১১৬জন নিৰ্বাচিত বিধায়কৰ৷
ভিচিকেৰ দুখন আসন যোগ কৰিলে দলটোৰ শক্তি ১১৮খনলৈ বৃদ্ধি পায়, যিটো ৰাজ্যত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় বিধায়কৰ সঠিক সংখ্যা৷ বাঁওপন্থী দলসমূহে নিঃচৰ্ত সমৰ্থন আগবঢ়াইছিল যদিও কংগ্ৰেছৰ সমৰ্থন চৰ্তৰ সৈতে আহিছিল৷ বাঁওপন্থীয়ে বিজয়ৰ মন্ত্ৰীসভাৰ পৰা আঁতৰি আহিছিল আৰু সূত্ৰই জনোৱা মতে, কংগ্ৰেছে দুটা মন্ত্ৰণালয়ৰ আশা কৰিছিল৷ ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনে চৰকাৰী সংকটৰ পৰা হাত সাৰিবলৈ বিজয়ক সমৰ্থন কৰাৰ মিত্ৰ ভিচিকে আৰু বাঁওপন্থী দলৰ সিদ্ধান্তক আদৰণি জনাইছে৷’ বুধবাৰৰ পৰাই বিজয়ে ৰাজ্যপাল আৰ্লেকাৰক পতিয়ন নিয়াব পৰা নাছিল যে তেওঁৰ সংখ্যাগৰিষ্ঠতা আছে৷ কিন্তু আজি সংখ্যাৰ খেলত বিজয়ী হয় বিজয়৷ শেহতীয়া নিৰ্বাচনত ১০৮খন আসনেৰে সৰ্ববৃহৎ একক দল হিচাপে আত্মপ্ৰকাশ কৰিছিল টিভিকেই৷ এআইএডিএমকে ৪৭খন জয় কৰিবলৈ সক্ষম হয়৷ কংগ্ৰেছে প্ত আৰু পিএমকে চ্ছ্ৰখন, ভিচিকে, আইইউএমএল, চিপিআই আৰু চিপিএমই দুখনকৈ আসন লাভ কৰাৰ বিপৰীতে বিজেপি, ডিএমডিকে আৰু এএমএমকে এখনকৈ আসন লাভ কৰে।
অৱশেষত আজি পুৱা তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে বিজয় থালাপতিয়ে। চেন্নাইৰ নেহৰু ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠান। শপতগ্ৰহণত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ১২০ গৰাকী বিধায়কৰ সমৰ্থন লাভ বিজয়।

