বিশিষ্ট সাংবাদিক নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

এজন সাংবাদিকৰ কলমৰ শক্তি অপৰিসীম৷ কলমে এখন যুদ্ধৰ গতি সলনি কৰি দিব পাৰে৷ ইয়াৰবিপৰীতে
দায়িত্বহীন সাংবাদিকতা সন্ত্ৰাসবাদীৰ সমকক্ষ৷ দায়িত্বহীন সাবাদিকে এখন সমাজ বিপৰ্যস্ত কৰিব পাৰে৷ এই মন্তব্য সাহিত্য একাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাৰ৷ স্বেচ্ছাসেৱী সংস্থা “স্বাৱলম্বী জীৱন”ৰ উদ্যোগত বিশিষ্ট সাংবাদিক নৰেন হাজৰিকাক শিশিৰ গোস্বামী সোঁৱৰণী “ সাংবাদিকতাৰ জীৱনজোৰা সাহিত্য বঁটা” প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভষণত তেওঁ এইদৰে কয়৷ বৰাই লগতে কয় যে অসমত এতিয়াও মৰ্যাদাপূৰ্ণ সাংবাদিকতাৰ পৰিবেশ সৃষ্টি হোৱা নাই৷ সেয়া আমাৰ বাবে দুৰ্ভাগ্যজনক৷ তেওঁ চন্দ্ৰপ্ৰসাদ শইকীয়া, হোমেন বৰগোহাঞি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আদিৰ দৰে বিশিষ্ট সাংবাদিকৰ প্ৰসংগ উল্লেখ কৰি কয় যে অন্যায়ৰ বিৰুদ্ধে মাত নমতা সাংবাদিকসকল কালৰ সোঁতত হেৰাই যায়৷

এইসকল বৰেণ্য সাংবাদিকে লোভনীয় চাকৰি বাদ দি সাংবাদিকৰ দৰে কঠিন বৃত্তি গ্ৰহণ কৰিছিল বুলিও তেওঁ কৃতজ্ঞতাৰে সোঁৱৰণ কৰে৷ ড° মঞ্জুলা গোস্বামীয়ে সভাপতিত্ব কৰা বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শিশিৰ গোস্বামীৰ প্ৰতি শ্ৰদ্ধা জনাই বন্ত প্ৰজ্বলন কৰা হয়৷ বন্তি প্ৰজ্বলন কৰে প্ৰয়াত গোস্বামীৰ সহধৰ্মিনী ড° মঞ্জুলা গোস্বামী আৰু কন্যা ড° তমন্না শৰ্মাই৷ জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বিনীতা ৰায়ে এটি বৰগীত পৰিবেশন কৰে৷ অনষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শিল্পী, লেখক তথা ৰসসূৰ্য ডা°অঞ্জনজ্যোতি চৌধুৰীয়ে ৰসাল ভাষণেৰে উপস্থিতি সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ ছাত্ৰী দিয়া কৌশিকে জয়ন্ত হাজৰিকাৰ দুটা গীত পৰিবেশন কৰে৷ বিগত ৫০ বছৰে সাংবাদিকতা কৰি অহা নৰেন হাজৰিকাক গামোচা, শৰাই, সম্বৰ্দ্ধনা পত্ৰ, স্মাৰক আৰু গুৰু মাননীৰে সন্মান প্ৰদান কৰে৷ উল্লেখ্য যে হাজৰিকাই ১৯৭৪ চনতে দ্য আছাম ট্ৰিবিউন কাকতত যোগদান কৰাৰ উপৰি সাপ্তাহিক নীলাচলত সংবাদসেৱা আগবঢ়োৱাৰ পাছত সম্প্ৰতি দৈনন্দিন বাৰ্তা কাকতত মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে৷ বঁটাগ্ৰহণ কৰি হাজৰিকাই কয় যে বঁটা বহনে মানুহক কা কৰিবলগীয়া উৎসাহ যোগায়৷ তেওঁ স্বাৱলম্বী জীৱনৰ এই পদক্ষেপৰ শলাগ লয়৷ অনূষ্ঠানত কৃষ্ণ দত্তই জুবিন গাৰ্গৰ বিষয়ে লিখা এটি ইংৰাজী কবিতা পাঠ কৰে৷

Related Articles