বিশ্বৰ আশাত পৰিল চেঁচাপানী। ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ট্ৰাম্পে ইৰানৰ সৈতে অলপতে স্বাক্ষৰিত হোৱা শান্তি চুক্তিখন বাতিল কৰাৰ কথা ঘোষণা কৰাত আন্তঃৰাষ্ট্ৰীয় পৰিসৰত নতুনকৈ উত্তেজনা সৃষ্টি হৈছে। ট্ৰাম্পে ইৰানৰ নেতৃত্বক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁলোকক “অবিশ্বাসযোগ্য আৰু বিপজ্জনক” বুলি অভিহিত কৰে।তুৰস্কত অনুষ্ঠিত হোৱা নাট’ সন্মিলনৰ সময়ত ট্ৰাম্পে এই ঘোষণা কৰে। তেওঁ স্পষ্টকৈ কয় যে এতিয়া তেওঁ ইৰানৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক ৰাখিবলৈ আগ্ৰহী নহয়। মাত্ৰ তিনি সপ্তাহ পূৰ্বে হোৱা চুক্তিৰ বিষয়ে প্ৰশ্ন কৰা হ’লে তেওঁ কয় যে এই চুক্তি তেওঁৰ বাবে এতিয়া সম্পূৰ্ণৰূপে শেষ হৈ গৈছে।হাৰমুজ প্ৰণালীত তিনিখন ব্যৱসায়িক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ পাছতেই আমেৰিকাই ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে ট্ৰাম্পে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে। উল্লেখযোগ্য যে বিশ্বৰ প্ৰায় ২০ শতাংশ খাৰুৱা তেল এই প্ৰণালীৰ জৰিয়তে সৰবৰাহ হয়, যাৰ ফলত এই অঞ্চলত সংঘটিত যিকোনো সংঘাতে বিশ্ব বজাৰত তৎক্ষণাত প্ৰভাৱ পেলায়।
মাত্ৰ তিনি সপ্তাহ পূৰ্বে ইৰানৰ সৈতে স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিখনৰ বিষয়ে সোধাত ট্ৰাম্পে পোনপটীয়াকৈ কয় যে তেওঁৰ বাবে এই চুক্তি এতিয়া শেষ হৈ গৈছে আৰু তেওঁলোকৰ সৈতে কোনো লেনদেন কৰিবলৈ তেওঁ সাজু নহয়। ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য ৩ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বৰ প্ৰায় ২০ শতাংশ ইন্ধন সৰবৰাহ হোৱা হাৰমুজ প্ৰণালীৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ইৰানে কৰা চেষ্টাৰ বাবেই দুয়োখন দেশৰ মাজত এই যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে।
ইৰানৰ নেতৃত্বক তীব্ৰ আক্ৰমণ কৰি ট্ৰাম্পে কয় যে তেওঁলোক অতি হিংস্ৰ, পাগল আৰু মিছলীয়া মানুহ। তেওঁলোকৰ হাতত যদি পাৰমাণৱিক অস্ত্ৰ থাকিলহেঁতেন, তেন্তে তেওঁলোকে তাক নিশ্চয় ব্যৱহাৰ কৰিলেহেঁতেন। অৱশ্যে তেওঁ কয় যে দুয়োপক্ষৰ আলোচনাপন্থীসকলে কথা পাতি থাকিব পাৰে, কিন্তু তেওঁৰ মতে ই কেৱল সময়ৰ অপচয়হে হ’ব কিয়নো ইৰানৰ নেতাসকল বিশ্বাসৰ যোগ্য নহয়। ইফালে ইৰানৰ সামৰিক ঘাটি, মিছাইল কেন্দ্ৰ আৰু বন্দৰসমূহক লক্ষ্য কৰি আমেৰিকাই এক বৃহৎ আক্ৰমণ চলাইছে। ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান চলি থকাৰ সময়তে এই আক্ৰমণসমূহ কৰা হৈছে, যিগৰাকী নেতাক যোৱা মাৰ্চ মাহত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত হত্যা কৰা হৈছিল।

