বিশ্বৰ শীৰ্ষ শতকৰা দুভাগ বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি যুৱ বিজ্ঞানী

বিশ্বৰ শীৰ্ষ শতকৰা দুভাগ বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি যুৱ বিজ্ঞানী।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনিগৰাকী গৱেষক-শিক্ষাবিদে ২০২৬ চনৰ সন্মানীয় Stanford/Elsevier Top 2% Scientistsৰ তালিকাত স্থান লাভ কৰি বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে।

এই সন্মান লাভ কৰা শিক্ষাবিদসকল হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক ড° পলাশ দত্ত আৰু ভেষজ বিজ্ঞান বিভাগৰ অধ্যাপক মলয় কুমাৰ দাস।

তেওঁলোকৰ সৈতে এই তালিকাত স্থান লাভ কৰিছে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা-নিয়নন্ত্ৰক ড° ছাদিক হুছেইনে।

Related Articles