বৰপেটাৰোডত বিজেপিৰ জন জাগৰণ সমদল কাৰ্যসূচী

বৰপেটাৰোডত বিজেপিৰ জন জাগৰণ সমদল কাৰ্যসূচী। বিজেপি জিন্দাবাদ, অপশক্তি নিপাত যাওক, ৰাহুল গান্ধী হুচিয়াৰ, জয় আই অসম, আহ ঐ আহ ওলাই আহ আদি ধ্বনিৰে উত্তাল বৰপেটাৰোড ষ্টেডিয়াম।

বৰপেটা জিলা বিজেপিৰ উদ্যোগত বৰপেটাৰোডৰ ৰাজপথত দেশৰ হকে আৰু অপশক্তিৰ বিৰুদ্ধে বিজেপিৰ বিশাল জণজাগৰণ সমদল।বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত জনজাগৰণ সমদলত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ।

বৰপেটাৰোড ষ্টেডিয়ামৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ দেশৰ হকে আৰু অপশক্তিৰ বিৰুদ্ধে জনজাগৰণ সমদল অনুষ্ঠানত হাজাৰ হাজাৰ লোক উপস্থিত হয়।

জন জাগৰণ সমদল কাৰ্যসূচীত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কেবিনেট মন্ত্ৰী তথা বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসৰ লগতে বিজেপিৰ ৰাজ্যিক আৰু জিলাৰ শীৰ্ষ নেত্ৰীবৃন্দ লগতে কার্যকর্তাসকলে।

Related Articles