Breaking

বিয়াৰ পাছৰ প্ৰথমটো জন্মদিনৰ বাবে বিকি-কেটৰিনাই উৰা মাৰিলে মালদ্বীপলৈ…

0 2,096

৩৯ বছৰীয়া হ’ল কেটৰিনা কাঈফ। এইবাৰৰ জন্মদিনটো কেটৰিনাৰ বাবে বিশেষ। কাৰণ, বিকি কৌশলৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত কেটৰিনাৰ এয়া প্ৰথমটো জন্মদিন। সেইবাবে পত্নীৰ এই জন্মদিনটো আৰু অধিক সুন্দৰ কৰি তোলাৰ হেঁপাহ বিকিৰ। কেটৰিনাৰ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে বিকিয়ে কেটৰিনাৰ সৈতে ওলালে মালদ্বীপ ভ্ৰমণলৈ। উল্লেখ্য যে, কেটৰিনাৰ জন্মদিন উদযাপন কৰিবলৈ বিকি কৌশলে মালদ্বীপলৈ উৰা মাৰিছিল। মালদ্বীপলৈ যোৱাৰ পূৰ্বে মুম্বাই বিমানবন্দৰত অনুৰাগীয়ে কেমেৰাবন্দী কৰে তাৰকা দম্পতীক। 


সম্প্ৰতি, এটা ভিডিঅ’ পোহৰলৈ আহিছে। ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। বিমানবন্দৰত কেজুৱেল টি-চাৰ্ট আৰু ট্ৰাউজাৰ পিন্ধি থকা দেখা গৈছিল বিকিক। আনহাতে, কেটে পৰিধান কৰিছিল ডেনিম জিন্সৰ সৈতে ওচাৰ ছুৱেটচাৰ্ট। জানিবলৈ পোৱা মতে, কেচৰিনাই পৰিধান কৰা ছুৱেটচাৰ্টটোৰ মূল্য ৪০, ৯৯০ টকা। প্ৰসংগক্ৰমে, ৯ ডিচেম্বৰত ৰাজস্থানত দুয়ো পতি-পত্নীৰ সম্পৰ্কক বান্ধ খাইছিল। বিবাহৰ পিছত কেট-বিকিৰ যুটিটোক ৰাজহুৱাভাৱে বিশেষভাৱে দেখা পোৱা নাই অনুৰাগীয়ে, আনকি ছ’চিয়েল মিডিয়াতো বিশেষ সক্ৰিয় নহয় কেটৰিনা। শেহতীয়াকৈ, কেটৰিনা মাতৃ হোৱাৰ উৰাবাতৰিও ছ’চিয়েল মিডিয়াত বিয়পি পৰিছিল। অৱশ্যে, এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই তাৰকা দম্পতীয়ে। অনুৰাগীৰ প্ৰশ্ন, জন্মদিনৰ দিনা মালদ্বীপৰ পৰাই সকলোকে এই ভাল খবৰটো দিবনে কেটৰিনাই?

Leave A Reply