বৰক্ষেত্ৰীত ‘ৰাভা দিৱস’ আৰু ‘পথাৰ কবি’ ৰাম গগৈৰ ‘জন্ম দিৱস’ পালন

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘মৃত্যু দিৱস’ তথা ৰামধেনু যুগৰ প্ৰসিদ্ধ পথাৰ কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈৰ ‘জন্ম দিৱস’ উপলক্ষে আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ২নং জয়সাগৰ টাপাট্টাৰীস্থিত বি.এম একাডেমীত এক বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰক্ষেত্ৰী কবি সন্মিলনৰ উদ্যোগত আৰু বি.এম একাডেমীৰ সহযোগত আয়োজিত এই অনুষ্ঠানটিত ‘মহান শিল্পী’ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ‘ৰামধেনু যুগ’ৰ ‘পথাৰ কবি’ খ্যাত বিশিষ্ট লোক দুজনৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়।

অনুষ্ঠানটিৰ আৰম্ভণিতে ৰাতিপুৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু পথাৰ কবিখ্যাত ৰাম গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বৰক্ষেত্ৰী কবি সন্মিলনৰ সভাপতি তথা জয়সাগৰ চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ অৱসৰী শিক্ষক দ্বিজেন চন্দ্ৰ ডেকা আৰু বৰক্ষেত্ৰী কবি সন্মিলনৰ সম্পাদক তথা শংকৰ মাধৱ হাইস্কুলৰ শিক্ষক, যুৱ-প্ৰজন্মৰ কবি লেখক পিংকু মনি ৰায় চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত বৰক্ষেত্ৰী কবি সন্মিলনৰ সহকাৰী সম্পাদক ধনজিৎ বৈশ্য, নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সহ-সম্পাদক আজিজ আলী, বৰক্ষেত্ৰী কবি সন্মিলনৰ সদস্য নেকিবুৰ ৰহমান আদিৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানটিৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। বৰক্ষেত্ৰী কবি সন্মিলনৰ সভাপতি দ্বিজেন চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত বৰক্ষেত্ৰী অঞ্চলৰ স্থানীয় কবিসকলে কবিতা পাঠ কৰে।

সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰামধেনু যুগৰ ‘পথাৰ কবি’ খ্যাত ৰাম গগৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনাদৰ্শৰ ওপৰতো আলোকপাত কৰে। ইয়াৰ সমান্তৰালভাৱে বি.এম একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলেও কলাগুৰুৰ কালজয়ী গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। বি. এম একাডেমীৰ প্ৰধান শিক্ষক জেহেৰুল হকে ভাষণ প্ৰসংগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বৰক্ষেত্ৰী কবি সন্মিলনৰ সমূহ বিষয়ববীয়া, বি. এম.একাডেমীৰ সঞ্চালক দীপক মেধি, বিদ্যালয়খনৰ প্ৰধান শিক্ষক জেহেৰুল হকৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি, কবি আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

Related Articles