নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল আৰু বৰপেটা জিলাৰ চেঙা ৰাজহ চক্রৰ অর্ন্তগত ৰৌমাৰী পথাৰত অব্যাহত থকা ব্রহ্মপুত্র নৈৰ গৰাখহনীয়াই আতংকিত কৰিছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালবাসীক।
বিগত প্রায় এমাহ ধৰি চেঙাৰ ৰৌমাৰী পথাৰত গৰাখহনীয়া অব্যাহত আছে।
দৌলাশাল গাঁৱৰ দক্ষিণ দিশৰ জলসম্পদ বিভাগৰ মথাউৰিলৈকে কালৰূপ ধাৰণ কৰি আহিছে ব্রহ্মপুত্রই।
প্রতিদিনে হোৰাহোৰে গৰা খহি ভয়ংকৰ ৰূপ ধাৰণ কৰা সত্ত্বেও নৈৰ গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্রত নির্লিপ্ত ভূমিকা গ্রহণ কৰি আহিছে বিভাগীয় কৰ্তৃপক্ষই।
গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত।
আজি বিভাগীয় বিষয়াৰ সৈতে খহনীয়া পৰিদৰ্শন কৰে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই।

