বৰক্ষেত্ৰীৰ নাৰুৱা আৰু বামুণ্ডিট্ৰাৰীত ভাৰত চৰকাৰৰ “জনভাগীদাৰী অভিযান”ৰ উদ্যোগত দুখনকৈ সজাগতা সভাৰ উপৰিও এটা “আদি সেৱা কেন্দ্ৰ” মুকলি

ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ফালৰ পৰা বিশেষকৈ জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে অৰ্থাৎ ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সবলীকৰণৰ উদ্দেশ্যে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ নাৰুৱা আৰু বামুণ্ডিট্ৰাৰীত আজি দুখনকৈ সজাগতা সভা অনুষ্ঠিত কৰা হয়। ৫৩ নং জয়সাগৰ- কেকানকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং নাৰুৱা আৰু বামুণ্ডিট্ৰাৰীত অনুষ্ঠিত “জনভাগীদাৰী অভিযান” শীৰ্ষক দুখনকৈ অনুষ্ঠিত সভাত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষপৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে।

অসম চৰকাৰৰ নলবাৰী জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ দত্ত গোস্বামীকে প্ৰমুখ্য কৰি বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মা, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথ, ৫৩ নং জয়সাগৰ-কেকানকুছি গাওঁ পঞ্চায়তৰ সভানেত্ৰী নন্দিতা বৰ্মণ বৈশ্য,পঞ্চায়ত সচিব ৰঞ্জিত কলিতাৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে পঞ্চায়তখনৰ বিভাগীয় কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য যে আজিৰে পৰা আগন্তুক ২৫ মে’ লৈকে নলবাৰী জিলাৰ লগতে সমগ্ৰ অসমজুৰি বিভিন্ন প্ৰান্তত থকা জনজাতীয় লোকসকলৰ উন্নয়নৰ হকে “জনভাগীদাৰী অভিযান”ৰ আৰম্ভ কৰা হৈছে।

Related Articles