বৰক্ষেত্ৰী মুকালমুৱাৰ চিকিৎসক ডা° নুচৰত মেহজবিনৰ সাফল্য

বৰক্ষেত্ৰীৰ চিকিৎসক ডা° নুচৰত মেহজবিনে সদ্য ঘোষিত INICET(Institute of National Importance Combined Entrance Test) পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ২৩ নং স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

INICET হল ভাৰতবর্ষৰ চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে নামভৰ্ত্তিৰ পৰীক্ষা যাৰ দ্বাৰা ভাৰতবর্ষত সৰ্বোচ্চ পৰ্যায়ৰ AIIMS (All India Institute of Medical Sciences) অনুষ্ঠান সমূহত PG ৰ বাবে নিৰ্বাচন কৰা হয়। বৰক্ষেত্ৰীৰ এটি সর্ব্ব পৰিচিত এসময়ৰ অসম বিধান সভাৰ অধ্যক্ষ চেখ চান্দ মহম্মদৰ কনিষ্ঠ ভাতৃ চেস মোবাৰক হচ্ছেইনৰ জ্যেষ্ঠ কন্যা ফৰিদা বেগম আৰু হাজোস্থিত সুৰেন দাস কলেজৰ অৱসৰ প্রাপ্ত উপাধ্যক্ষ ড° আলী আকবৰ হুছেইনৰ দ্বিতীয় কন্যা ডা° নুচৰত মেহজবিনে সদ্য ঘোষিত INICET পৰীক্ষাত ৬২০০০ পৰীক্ষাৰ্থীৰ ভিতৰত ২৩ নং স্থান লাভ কৰিবলৈ সক্ষম হয়।

ডা° নুচৰত মেহজবিনে মুকালমুৱা নাৰায়নপুৰ স্থিত ড্ৰিমলেণ্ড ইংলিছ স্কুলত শিক্ষা আৰম্ভ কৰি কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল হস্পিতালৰ পৰা চিকিৎসক হিচাবে শিক্ষা সমাপ্ত কৰিছিল। বানে গৰকা বৰক্ষেত্ৰী অঞ্চলৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ অনুস্থানত নামভৰ্তিৰ বাবে উৰ্ত্তীৰ্ণ হোৱাত বৰক্ষেত্ৰীৰ শৈক্ষিক সমাজ আজি গৌৰৱান্বিত। ডা° নুচৰত মেহজবিনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বৃহত্তৰ অঞ্চলটোৰ ভৱিষ্যত প্ৰজন্মই শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক সাফল্য লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে বৰক্ষেত্ৰীৰ শৈক্ষিক মহলে।

Related Articles