আজি পোহৰৰ উৎসৱ দীপাৱলী। সমগ্ৰ অসমবাসীয়ে আজি পালন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী।
দীপাৱলীক লৈ এক উৎসৱমুখৰ তথা আধ্যাত্মিক পৰিৱেশৰ সূচনা হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰ্ণিবাৰীত।
বৰ্ণিবাৰী কালী মন্দিৰত আজি পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে।
ভক্তসকলে মা কালীৰ চৰণত সেৱা-পূজা আগবঢ়াই পৰিয়ালৰ মংগল আৰু সমাজত শান্তি-সমৃদ্ধি কামনা কৰে। চাকি-বন্তি, ফুল আৰু ধূপ-ধূনাৰে মন্দিৰ চৌহদত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হৈছে।
সন্ধিয়া বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ মাজেৰে মন্দিৰত বিশেষ পূজা-অৰ্চনা আৰু দীপ প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হ’ব। ৰাইজৰ তৰফৰ পৰা বয়োজ্যেষ্ঠ তথা মুখিয়াল ব্যক্তিসকলে বৰবন্তি প্ৰজ্বলন কৰে।
বৰ্ণিবাৰীত এইবেলি পাঁচদিনীয়াকৈ দীপাৱলী আৰু কালী পূজাভাগ অনুষ্ঠিত হ’ব।

