কমাৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত যোৱা ৪ নৱেম্বৰত এখন ব্যতিক্ৰমী ‘কিতাপৰ লটাৰী’ অনুষ্ঠান অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ আৰু পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীয়ে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যথেষ্ট উৎসাহ আৰু সঁহাৰি লাভ কৰে। অনুষ্ঠানটো উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গৌতম কুমাৰ শইকীয়াই কয় যে এনে ব্যতিক্ৰমী পদক্ষেপে মহাবিদ্যালয়ত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ লগতে শিক্ষাৰ্থীসকলৰ বৌদ্ধিক উৎকৰ্ষ সাধনতো বিশেষ বৰঙণি আগবঢ়ায়। অনুষ্ঠানৰ অংশ হিচাপে লটাৰীৰ জৰিয়তে নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলক গ্ৰন্থ প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে এইবাৰৰ অনুষ্ঠানত মুঠ ৬২খন গ্ৰন্থ অন্তৰ্ভুক্ত কৰা হৈছিল। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° দীপশিখা কলিতাই অনুষ্ঠানটোৰ প্ৰতি মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীসকলে আগবঢ়োৱা আশাপ্ৰদ সঁহাৰিৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে, আগন্তুক সময়তো এনে ব্যতিক্ৰমী পদক্ষেপ অব্যাহত ৰখাৰ আশা ব্যক্ত কৰে। অনুষ্ঠানটোৰ পৰিচালনাৰ দায়িত্ব পালন কৰে বিভাগটোৰ সহকাৰী অধ্যাপক সঞ্জয় আচাৰ্যই। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০২২ চনত অসমীয়া বিভাগৰ উদ্যোগত ‘কিতাপৰ লটাৰী’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
এইবাৰৰ অনুষ্ঠানটো সফল কৰি তোলাত অসমীয়া বিভাগৰ শিক্ষকসকলৰ লগতে পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলেও সক্ৰিয় ভূমিকা পালন কৰে। গ্ৰন্থৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি কৰাৰ লগতে পঢ়াৰ সংস্কৃতিক উৎসাহিত কৰাৰ ক্ষেত্ৰত ‘কিতাপৰ লটাৰী’ৰ দৰে পদক্ষেপে এক ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা কৰিব পাৰি।

