আদাবাৰী সূতাৰকুছিৰ বাৰ গোপাল নামঘৰত মাইক ছেট প্ৰদান সনাতনী বীৰ হিন্দু সেনাৰ প্ৰমুখ আংচ কাইদ পাঠকৰ

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আদাবাৰী সূতাৰকুছি মৰেলি চুবুৰীৰ বাৰ গোপাল নামঘৰত ৰবিবাৰে দুটা লাউদস্পিকাৰ সহ সম্পূৰ্ণ মাইক ছেট এটা প্ৰদান কৰে সনাতনী বীৰ হিন্দু সেনাৰ প্ৰমুখ আংচ কাইড পাঠকে। নামঘৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সনাতনী বীৰ হিন্দু সেনাৰ প্ৰমুখ আংচ কাইড পাঠকে নামঘৰ পৰিচালনা সমিতিৰ হাতত মাইক ছেটটো আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। এই উপলক্ষে নামঘৰত ভকত-বৈষ্ণৱ, মহিলা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। নামঘৰত নাম-প্ৰসংগ, ভাগৱত পাঠ, ধৰ্মীয় অনুষ্ঠান আদিত এতিয়াৰ পৰা মাইক ছেটটোৱে যথেষ্ট সহায় কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰে।

অনুষ্ঠানটিত বক্তব্য ৰাখি সনাতনী বীৰ হিন্দু সেনাৰ প্ৰমুখ আংচ কাইড পাঠকে কয় যে, সনাতনী সংস্কৃতি, নামঘৰ আৰু ধৰ্মীয় অনুষ্ঠানসমূহক জীয়াই ৰখাৰ বাবে সংগঠনটোৱে আগলৈও এনেধৰণৰ সহায়-সহযোগিতা আগবঢ়াই যাব।নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সনাতনী বীৰ হিন্দু সেনা আৰু প্ৰমুখ আংচ কাইড পাঠকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অনুষ্ঠানটিত গাওঁ উন্নয়ন সমিতিৰ সভাপতি হিতেশ মেধি,উপ সভাপতি নগেন ঠাকুৰীয়া,সম্পাদক ৰূপম বৈশ্যৰ লগতে অঞ্চলটোৰ ভালেমান লোকে অংশ গ্ৰহণ কৰে।

Related Articles