কিছুমান ভ্ৰমণ আমি মনত ৰাখোঁ ঠাইবোৰৰ বাবে, আনহাতে কিছুমান ভ্ৰমণ আমাৰ হৃদয়ত ৰৈ যায় সেই যাত্ৰাত লগ পোৱা মানুহ, দেখা পোৱা পৰম্পৰা আৰু লাভ কৰা মৰম-আদৰৰ বাবে। মোৰ শেহতীয়া কাশ্মীৰ ভ্ৰমণো আছিল তেনে এক অবিস্মৰণীয় অভিজ্ঞতা। এই ভ্ৰমণৰ পৰা মই কেৱল মনোমোহা প্ৰাকৃতিক দৃশ্যৰ আলোকচিত্ৰই নহয়, লগত লৈ আহিছোঁ বিয়াৰ সুমধুৰ গীত, ঘৰুৱা খাদ্যৰ সোৱাদ, আপেল বাগিচাৰ স্মৃতি, পৰম্পৰাগত হস্তশিল্প আৰু সৰ্বোপৰি কাশ্মীৰৰ মানুহৰ ব্যতিক্ৰমী আতিথ্যৰ স্মৃতি।বৰফেৰে আবৃত পৰ্বতমালা, সেউজীয়া উপত্যকা, স্বচ্ছ হ্ৰদ আৰু মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে কাশ্মীৰক প্ৰায়ে ‘পৃথিৱীৰ স্বৰ্গ’ বুলি কোৱা হয়। কিন্তু মোৰ ভ্ৰমণৰ অভিজ্ঞতাই উপলব্ধি কৰালে যে কাশ্মীৰৰ প্ৰকৃত সৌন্দৰ্য কেৱল প্ৰকৃতিৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ সংস্কৃতি, জীৱিকা, পাৰিবাৰিক মূল্যবোধ আৰু মানুহৰ উদাৰ মনোভাৱতো সেই সৌন্দৰ্য সমানে প্ৰতিফলিত হয়।মোৰ এই ভ্ৰমণৰ দুটা বিশেষ দিনত কাশ্মীৰী জীৱনৰ বিভিন্ন দিশ ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰিছিলোঁ। বাডগামত এগৰাকী সহকৰ্মীৰ বিয়াত অংশগ্ৰহণ, মহিলাসকলৰ পৰম্পৰাগত বিয়াৰ গীত শুনা, বৰামুল্লা অঞ্চলৰ বুচু পাট্টনত আন এগৰাকী সহকৰ্মীৰ পৰিয়ালৰ সৈতে সময় কটোৱা, তেওঁলোকৰ আপেল বাগিচা চোৱা আৰু শেষত শ্ৰীনগৰৰ লাল চ’কত বজাৰ কৰা তথা ডাল হ্ৰদত শিকাৰা ভ্ৰমণ—প্ৰতিটো অভিজ্ঞতাই এই যাত্ৰাক বিশেষ কৰি তুলিছিল।
বাডগাম: বিয়াৰ গীতেৰে জীপাল হোৱা পৰম্পৰা
মোৰ কাশ্মীৰ ভ্ৰমণৰ অন্যতম স্মৰণীয় অভিজ্ঞতা আছিল বাডগামত এগৰাকী সহকৰ্মীৰ বিয়াত অংশগ্ৰহণ কৰা। কাশ্মীৰৰ বিয়াৰ পৰম্পৰাৰ বিষয়ে আগতে বহু কথা শুনিছিলোঁ যদিও নিজ চকুৰে সেইবোৰ প্ৰত্যক্ষ কৰাৰ অভিজ্ঞতা আছিল সম্পূৰ্ণ সুকীয়া।বিয়াৰ অনুষ্ঠানটো পৰিয়ালৰ লোক, আত্মীয়-স্বজন, পৰম্পৰাগত ৰীতি-নীতি, সংগীত, খাদ্য আৰু আনন্দ-উল্লাসেৰে ভৰি আছিল। ইয়াৰ ভিতৰত মোক আটাইতকৈ বেছি আকৰ্ষিত কৰা দিশটো আছিল কাশ্মীৰী মহিলাসকলে সমূহীয়াকৈ পৰিৱেশন কৰা পৰম্পৰাগত বিয়াৰ গীত, যাক ‘ৱানৱুন’ (Wanwun বা Wanvun) বুলি কোৱা হয়।মহিলাসকলে একেলগে বহি সুমধুৰ আৰু ছন্দোবদ্ধভাৱে পৰম্পৰাগত লোকগীত পৰিৱেশন কৰিছিল। সুৰ শুনিবলৈ সম্পূৰ্ণ আমাৰ অসমীয়া বিয়া নামৰ দৰে, জানিবলৈ পাইছিলোঁ কাশ্মীৰী বিয়াৰ বিভিন্ন অনুষ্ঠানত এই গীতসমূহ গোৱা হয়। এই গীতৰ মাজেৰে আনন্দ প্ৰকাশ কৰা হয়, দৰা-কইনালৈ আশীৰ্বাদ আগবঢ়োৱা হয়, পাৰিবাৰিক সম্পৰ্কৰ সৌন্দৰ্য প্ৰকাশ পায় আৰু কেতিয়াবা কইনাই পিতৃগৃহ এৰি যোৱাৰ সময়ৰ আৱেগো প্ৰতিফলিত হয়।ৱানৱুনৰ আটাইতকৈ সুন্দৰ দিশটো হ’ল এয়া কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই হৈছে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মুখে মুখে চলি অহা এক জীৱন্ত লোক-পৰম্পৰা। আইসকলে এই গীতসমূহ পৰৱৰ্তী প্ৰজন্মৰ মহিলাসকলক শিকাই আহিছে। মহিলাসকলৰ সমূহীয়া কণ্ঠ, গীতৰ ছন্দ আৰু আৱেগে বিয়াৰ পৰিৱেশটো আনন্দময় আৰু হৃদয়স্পৰ্শী কৰি তুলিছিল।আজিৰ সময়ত বিয়াৰ অনুষ্ঠানত ৰেকৰ্ড কৰা সংগীত আৰু ডিজেৰ প্ৰচলন বৃদ্ধি পোৱাৰ মাজতো মহিলাসকলে নিজৰ পৰম্পৰাগত গীতসমূহ এনেদৰে জীয়াই ৰখা দেখি সঁচাকৈয়ে ভাল লাগিল। ইয়াৰ পৰা উপলব্ধি কৰিলোঁ যে আমাৰ বহুতো মূল্যৱান সাংস্কৃতিক সম্পদ কিতাপ বা সংগ্ৰহালয়ত নহয়, সাধাৰণ মানুহৰ কণ্ঠ আৰু জীৱনশৈলীৰ মাজতেই সংৰক্ষিত হৈ থাকে।কাশ্মীৰী মুছলমানসকলৰ বিয়াৰ আন এক উল্লেখযোগ্য আকৰ্ষণ হৈছে ‘ৱাজৱান’ (Wazwan)। ই হৈছে পৰম্পৰাগতভাৱে বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত ৰান্ধনী ‘ৱাজা’সকলে প্ৰস্তুত কৰা বহু পদযুক্ত ভোজ। ৰিষ্টা, গুষ্টাবা আৰু বিভিন্ন প্ৰকাৰৰ কাবাব ইয়াৰ জনপ্ৰিয় খাদ্য। পৰম্পৰাগতভাৱে অতিথিসকলে ‘ট্ৰেম’ (Traem) নামৰ এখন ডাঙৰ থালত একেলগে খাদ্য গ্ৰহণ কৰে, যিয়ে সমূহীয়া ভোজ আৰু একতাৰ ভাব প্ৰকাশ কৰে।বাডগামৰ এই বিয়াই মোক কাশ্মীৰৰ সংগীত, খাদ্য আৰু পাৰিবাৰিক পৰম্পৰা মানুহৰ জীৱনৰ সৈতে কিমান গভীৰভাৱে জড়িত, সেয়া বুজিবলৈ এক সুন্দৰ সুযোগ দিলে।
বুচু পাট্টন: আপেল বাগিচা আৰু মৰমেৰে ভৰা এখন ঘৰ
পাছনিশা মোৰ বাবে অপেক্ষা কৰি আছিল আন এক অবিস্মৰণীয় অভিজ্ঞতা। আমি বাতৰি কাকতত সঘনাই শুনিবলৈ পোৱা বাৰামুল্লা অঞ্চলৰ বুচু পাট্টনত আন এগৰাকী সহকৰ্মীৰ পৰিয়ালৰ ঘৰত নিশা কটোৱাৰ সুযোগ লাভ কৰিছিলোঁ।মই যিটোক সাধাৰণ এৰাতিৰ থকা-খোৱাৰ অভিজ্ঞতা বুলি ভাবিছিলোঁ, সেয়াই মোৰ সমগ্ৰ কাশ্মীৰ ভ্ৰমণৰ আটাইতকৈ উমাল স্মৃতিবোৰৰ ভিতৰত অন্যতম হৈ পৰিল।ঘৰখনত উপস্থিত হোৱাৰ পৰাই পৰিয়ালটোৱে আমাক আন্তৰিকতাৰে আদৰণি জনাইছিল। ঘৰত প্ৰস্তুত কৰা সুস্বাদু খাদ্য, পৰম্পৰাগত ৰুটি, চাহ, শুকান ফল-মূল আৰু অন্যান্য ব্যঞ্জনেৰে আমাক আপ্যায়ন কৰা হৈছিল। মজিয়াত একেলগে বহি খাদ্য গ্ৰহণ কৰা আৰু কথা-বতৰা পতা মুহূৰ্তবোৰে এক সুন্দৰ ঘৰুৱা পৰিৱেশৰ সৃষ্টি কৰিছিল।ৰাতি থকাৰ ব্যৱস্থাও আছিল অতি যত্নসহকাৰে কৰা।কোঠাটোত কোনো আৰামদায়ক বিচনা নাছিল কিন্তু তাৰ পৰিৱৰ্তে আছিল সুন্দৰ উমাল কাৰ্পেট, উমাল কম্বল আৰু শান্ত পৰিৱেশে আমাক অতি নিশ্চিন্তে জিৰণি লোৱাৰ সুযোগ দিছিল। তাত কোনো বিলাসিতাৰ প্ৰদৰ্শন বা আনুষ্ঠানিকতাৰ আড়ম্বৰ নাছিল; আছিল কেৱল আন্তৰিকতা আৰু অতিথিক আৰাম দিয়াৰ এক নিভাঁজ প্ৰয়াস।এয়াই কাশ্মীৰী ‘অতিথিপৰায়নতা’—অতিথিক মৰম, সন্মান আৰু উদাৰতাৰে আদৰণি জনোৱাৰ পৰম্পৰা। ইয়াৰ সৌন্দৰ্য কিমান দামী বিদেশী খাদ্য পৰিৱেশন কৰা হ’ল তাত নহয়, বৰং কিমান আন্তৰিকতাৰে অতিথিৰ সৈতে মৰম ভাগ-বতৰা কৰা হ’ল, তাতহে নিহিত হৈ থাকে।
বিদায়ৰ মুহূৰ্ত: সেমেকা দুচকু
বুচু পাট্টনৰ সেইখন ঘৰত কটোৱা সময়ৰ আটাইতকৈ আৱেগিক মুহূৰ্তটো আহিছিল বিদায়ৰ সময়ত। মোৰ সহকৰ্মীৰ পিতৃয়ে অতি মৰমেৰে আমাক আৰু ১০–১৫ দিন থাকিবলৈ অনুৰোধ কৰিছিল। তেওঁৰ কথাত এনে আন্তৰিকতা আছিল যে ক্ষন্তেকৰ বাবে বিদায় ল’বলৈও মন যোৱা নাছিল। সেই আমন্ত্ৰণ কোনো অতিথিক কৰা আনুষ্ঠানিক অনুৰোধ যেন লগা নাছিল; বৰং নিজৰ পৰিয়ালৰ মানুহক আৰু কিছুদিন থাকিবলৈ কোৱা এগৰাকী পিতৃৰ মৰমভৰা আহ্বান যেন লাগিছিল।বিদায়ৰ সময়ত তেওঁ নিজৰ আপেল বাগিচাৰ পৰা বহুতো সতেজ আপেল মৰমেৰে আমাক উপহাৰ দিছিল। সেই আপেলবোৰ কেৱল ফল নাছিল; সেইবোৰ আছিল মৰম, উদাৰতা আৰু পৰিয়ালটোৱে আমাক আগবঢ়োৱা আন্তৰিক আদৰৰ এক স্মৃতি।মই পৃথিৱীৰ বহু ঠাই ভ্ৰমণ কৰিছোঁ আৰু বিভিন্ন সংস্কৃতিৰ সৈতে পৰিচিত হৈছোঁ। কিন্তু বুচু পাট্টনত অনুভৱ কৰা এনে নিভাঁজ আতিথ্য সঁচাকৈয়ে বিৰল। কোনো বিলাসী হোটেল বা ব্যয়বহুল ভ্ৰমণৰ অভিজ্ঞতাই আপোনজনৰ দৰে আদৰ-যত্ন লাভ কৰাৰ সেই অনুভূতিক বলে নোৱাৰে।সেই সৰু অথচ হৃদয়স্পৰ্শী ঘটনাটোৱে মোক এটা সুন্দৰ কথা উপলব্ধি কৰালে—কেতিয়াবা ভ্ৰমণৰ আটাইতকৈ মূল্যৱান স্মৃতিচিহ্ন আমি বজাৰৰ পৰা কিনি নানো; মানুহে আমাক দিয়া মৰম আৰু আন্তৰিকতাইহে সেই স্থান অধিকাৰ কৰে।
আপেল বাগিচা: প্ৰতিটো মিঠা আপেলৰ আঁৰত থকা কঠোৰ পৰিশ্ৰম
বুচু পাট্টনত থকা সময়ছোৱাত মোৰ সহকৰ্মীৰ পৰিয়ালৰ আপেল বাগিচাখনো চোৱাৰ সুযোগ পাইছিলোঁ। আপেল গছৰ মাজেৰে খোজ কাঢ়ি ডালত লাগি থকা ফলবোৰ দেখি কাশ্মীৰৰ বহু পৰিয়ালৰ জীৱিকাৰ সৈতে জড়িত কৃষি-জীৱনৰ এক ওচৰৰ ছবি লাভ কৰিলোঁ।উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলা, বিশেষকৈ এই, উপত্যকাটোৰ অন্যতম গুৰুত্বপূৰ্ণ আপেল উৎপাদনকাৰী অঞ্চল। এই অঞ্চলটোক ‘কাশ্মীৰৰ আপেলৰ ভঁৰাল’ (Apple Bowl of Kashmir) বুলি কোৱা হয়। ইয়াত ৰেড ডেলিচিয়াছ, ৰয়েল ডেলিচিয়াছ, আমেৰিকান আৰু গ’ল্ডেন ডেলিচিয়াছ আদি বিভিন্ন প্ৰজাতিৰ আপেল উৎপাদন কৰা হয়।বহু পৰিয়ালৰ বাবে আপেল খেতি কেৱল ব্যৱসায় নহয়; ই হৈছে জীৱিকা, পাৰিবাৰিক পৰম্পৰা আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি অহা গৌৰৱৰ বিষয়।কৃষকসকলে বছৰটোৰ প্ৰায় প্ৰতিটো সময়তে বাগিচাৰ কামত ব্যস্ত থাকে। শীতকালত গছৰ ডাল-পাত ছাঁটনি কৰাৰ পৰা আৰম্ভ কৰি বসন্তকালত ফুলৰ যত্ন লোৱা, গ্ৰীষ্মকালত ফলৰ সুৰক্ষা আৰু শৰৎকালত আপেল চপোৱালৈকে প্ৰতিটো পৰ্যায়তে যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন হয়। ফল চপোৱাৰ পিছতো বাছনি, শ্ৰেণীবিভাজন, পেকেজিং, সংৰক্ষণ আৰু পৰিবহণৰ কাম চলি থাকে।মোৰ সহকৰ্মীৰ পৰিয়ালটোক এই কামত জড়িত হোৱা দেখি প্ৰতিটো আপেলৰ আঁৰত থকা নিষ্ঠা আৰু পৰিশ্ৰমৰ মূল্য বুজি পালোঁ। আমাৰ খাদ্যৰ সম্ভাৰ, আমাৰ প্ৰসাদত থকা এটা আপেলৰ আঁৰত থাকে বহু মাহৰ যত্ন, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম।আপেল উদ্যোগটোৰ সৈতে কৃষক, শ্ৰমিক, ব্যৱসায়ী, পৰিবহণ কৰ্মী আৰু আন বহু লোকৰ জীৱিকা জড়িত হৈ আছে। উন্নত সংৰক্ষণ ব্যৱস্থা, আধুনিক শ্ৰেণীবিভাজন আৰু পেকেজিং, নিৰ্ভৰযোগ্য পৰিবহণ, বজাৰৰ সৈতে উন্নত সংযোগ আৰু আঞ্চলিক পৰিচিতি গঢ়ি তোলাৰ জৰিয়তে স্থানীয় কৃষকসকলে অধিক বহল বজাৰত প্ৰৱেশ কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিব পাৰে।ইয়াৰ উপৰি আপেল বাগিচা পৰ্যটনৰো যথেষ্ট সম্ভাৱনা আছে। বাগিচা পৰিদৰ্শন, বতৰৰ সময়ত আপেল ছিঙাৰ অভিজ্ঞতা আৰু কৃষক পৰিয়ালৰ সৈতে গ্ৰাম্য পৰিৱেশত থকাৰ ব্যৱস্থাই স্থানীয় পৰিয়ালসমূহৰ বাবে অতিৰিক্ত উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে।
কেশৰ: কাশ্মীৰৰ সোণালী সম্পদ
কাশ্মীৰৰ আন এক উল্লেখযোগ্য কৃষিজাত পৰিচয় হৈছে বিশ্ববিখ্যাত কেশৰ, যাক স্থানীয়ভাৱে ‘কং পোষ’ (Kong Posh) বুলি কোৱা হয়। পুলৱামা জিলাৰ পাম্পোৰ অঞ্চল কেশৰ খেতিৰ বাবে বিশেষভাৱে পৰিচিত।কেশৰ বিশ্বৰ অন্যতম মূল্যৱান মছলা। ইয়াৰ ফুলৰ সূক্ষ্ম ৰঙা গৰ্ভমুণ্ড হাতেৰে সংগ্ৰহ কৰিব লাগে, যাৰ বাবে ইয়াৰ খেতি আৰু চপোৱাৰ কামত বিশেষ যত্ন আৰু যথেষ্ট শ্ৰমৰ প্ৰয়োজন হয়। কাশ্মীৰী কেশৰ ইয়াৰ সুকীয়া সুগন্ধ, গাঢ় ৰং আৰু গুণগত মানৰ বাবে সমাদৃত। ২০২০ চনত ই ভৌগোলিক স্বীকৃতি (GI) লাভ কৰে, যাৰ ফলত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ স্বকীয় পৰিচিতি অধিক শক্তিশালী হৈছে।কেশৰ খেতিয়কসকলৰ বাবে ই কেৱল বাণিজ্যিক উৎপাদন নহয়; ই হৈছে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি অহা কৃষিজ্ঞান, নিষ্ঠা আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। উত্তৰ কাশ্মীৰৰ আপেল বাগিচা আৰু পাম্পোৰৰ কেশৰ খেতিয়ে স্থানীয় মানুহৰ জীৱন আৰু ভূমিৰ মাজৰ গভীৰ সম্পৰ্কৰ পৰিচয় বহন কৰে।
লাল চ’ক: এসময়ৰ ত্ৰাস
মোৰ কাশ্মীৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰীনগৰৰ লাল চ’কলৈ বজাৰ কৰিবলৈ গৈছিলোঁ। ব্যস্ত আৰু প্ৰাণৱন্ত বজাৰখনত কাশ্মীৰৰ পৰম্পৰাগত পোছাক আৰু হস্তশিল্পৰ বিভিন্ন সামগ্ৰী চোৱাৰ সুযোগ পাইছিলোঁ।কাশ্মীৰী স্থানীয় পোছাক আৰু পৰম্পৰাগত সাজ-পোছাকে মোক বিশেষভাৱে আকৰ্ষণ কৰিছিল। নিজৰ বাবে কাশ্মীৰী পোছাক ক্ৰয় কৰাটো কেৱল বজাৰ কৰাৰ অভিজ্ঞতা হৈ নাথাকিল; ই যেন কাশ্মীৰৰ সংস্কৃতিৰ এক সৰু অংশ নিজৰ লগত লৈ অহাৰ এক সুন্দৰ উপায় হৈ পৰিল।বজাৰখনত পছমিনা শ্বাল, সূচীকর্ম কৰা কাপোৰ, কাগজৰ মণ্ডেৰে নিৰ্মিত ৰঙীন সামগ্ৰী (পেপাৰ-মেশ্বে), আখৰোট কাঠৰ কাৰুকাৰ্য, কাৰ্পেট আৰু অন্যান্য হাতেৰে নিৰ্মিত সামগ্ৰীয়ে কাশ্মীৰৰ সমৃদ্ধ হস্তশিল্পৰ পৰিচয় দাঙি ধৰিছিল। প্ৰতিটো সামগ্ৰীৰ মাজতে শিল্পীসকলৰ নিপুণতা, সৃষ্টিশীলতা আৰু ধৈৰ্যৰ প্ৰতিফলন দেখা যায়।কাশ্মীৰী হস্তশিল্প পৰ্যটকৰ বাবে কেৱল স্মৃতিচিহ্ন নহয়। ই হৈছে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংৰক্ষিত হৈ অহা শিল্পকলাৰ পৰিচয় আৰু বহু শিল্পী তথা পৰিয়ালৰ জীৱিকাৰ উৎস। প্ৰকৃত স্থানীয় সামগ্ৰী ক্ৰয় কৰাটোও এই ঐতিহ্যক সন্মান জনোৱাৰ এক উপায়।
ডাল হ্ৰদ: পানীৰ বুকুত এক মনোমোহা বিদায়
শ্ৰীনগৰ ভ্ৰমণ ডাল হ্ৰদৰ সৌন্দৰ্য উপভোগ নকৰাকৈ যেন সম্পূৰ্ণ নহয়। কাশ্মীৰ এৰি অহাৰ আগতে এই বিখ্যাত হ্ৰদখনত শিকাৰা ভ্ৰমণৰ আনন্দ লোৱাৰ সুযোগ পাইছিলোঁ।পৰম্পৰাগত কাঠৰ নাওখনত বহি হ্ৰদৰ পানীৰ ওপৰেৰে লাহে লাহে আগবাঢ়ি যোৱাৰ অভিজ্ঞতা আছিল অতি শান্তিদায়ক আৰু স্মৰণীয়। ৰঙীণ শিকাৰা, হাউছবোট, চাৰিওফালৰ পৰ্বতৰ প্ৰতিবিম্ব আৰু পানীৰ ওপৰত সলনি হৈ থকা প্ৰাকৃতিক দৃশ্যই এক ছবিৰ দৰে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছিল।ডাল হ্ৰদক প্ৰায়ে ‘কাশ্মীৰৰ মুকুটৰ মণি’ বুলি অভিহিত কৰা হয়। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ উপৰি স্থানীয় জীৱন-জীৱিকাৰ সৈতেও হ্ৰদখনৰ গভীৰ সম্পৰ্ক আছে। হাউছবোট, শিকাৰা, উপঙি থকা বাগিচা, মাছ ধৰা আৰু হ্ৰদকেন্দ্ৰিক ব্যৱসায়ে শ্ৰীনগৰৰ স্বকীয় পৰিচয় গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।শিকাৰাখন পানীৰ বুকুত আগবাঢ়ি যোৱাৰ সময়ত মই নিৰৱে চাৰিওফালৰ সৌন্দৰ্য উপভোগ কৰিছিলোঁ। বিয়াৰ আনন্দ, পৰিয়ালটোৰ মৰম-আদৰ, আপেল বাগিচাৰ স্মৃতি আৰু লাল চ’কৰ ব্যস্ত বজাৰৰ পিছত ডাল হ্ৰদৰ শান্ত পৰিৱেশে মোৰ ভ্ৰমণৰ এক সুন্দৰ সামৰণি মাৰিছিল।
কেৱল এখন ভ্ৰমণস্থলী নহয়, হৃদয়ত ৰৈ যোৱা এক অনুভৱ
উভতি আহি যেতিয়া মোৰ কাশ্মীৰ ভ্ৰমণৰ স্মৃতিবোৰ ৰোমন্থন কৰোঁ, তেতিয়া প্ৰতিখন ঠাইয়ে একোটা সুকীয়া অনুভৱ মনত জগাই তোলে। বাডগামে উপহাৰ দিলে ৱানৱুনৰ সুমধুৰ সুৰ আৰু কাশ্মীৰী বিয়াৰ পৰম্পৰাৰ আনন্দ। বুচু পাট্টনে দিলে আপেল বাগিচাৰ মিঠা স্মৃতি আৰু বিদায়ৰ সময়ত মন গধুৰ কৰি তোলা এটি পৰিয়ালৰ নিভাঁজ মৰম। লাল চ’কে চিনাকি কৰালে পৰম্পৰাগত পোছাক আৰু হস্তশিল্পৰ সৈতে, আনহাতে ডাল হ্ৰদে পানীৰ বুকুত এক শান্তিময় বিদায়ৰ অনুভৱ দিলে।এই ভ্ৰমণে মোক কাশ্মীৰৰ কৃষি আৰু হস্তশিল্পৰ সৈতে জড়িত মানুহৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতিও অধিক শ্ৰদ্ধাশীল কৰি তুলিলে। মই আশা কৰোঁ, কাশ্মীৰৰ পৰম্পৰাগত বিয়াৰ গীতসমূহ নতুন প্ৰজন্মৰ মাজতো সমানে জনপ্ৰিয় হৈ থাকিব, স্থানীয় শিল্পীসকলে অধিক স্বীকৃতি লাভ কৰিব আৰু আপেল খেতিয়কসকলে উন্নত আন্তঃগাঁথনি তথা বহল বজাৰৰ সুবিধা লাভ কৰিব।কাশ্মীৰে পৰ্বতমালা, হ্ৰদ আৰু বাগিচাৰ সৌন্দৰ্যৰে বিশ্বৰ মানুহক আকৰ্ষণ কৰে; কিন্তু ইয়াৰ মানুহৰ মৰম আৰু আতিথ্যইহে হৃদয় জয় কৰে। এগৰাকী মৰমিয়াল পিতৃয়ে উপহাৰ দিয়া আপেল, বিয়াত মহিলাসকলৰ সমূহীয়া কণ্ঠত ভাহি অহা গীত আৰু ডাল হ্ৰদৰ পানীত শিকাৰাৰ মৃদু গতি—এই স্মৃতিবোৰ মোৰ মনত যিকোনো আলোকচিত্ৰতকৈ বহু বেছি দিন জীয়াই থাকিব।কিছুমান ভ্ৰমণ ঘৰলৈ উভতি অহাৰ লগে লগে শেষ হয়। কিন্তু কিছুমান ভ্ৰমণৰ স্মৃতি হৃদয়ত চিৰদিন জীয়াই থাকে।মোৰ বাবে কাশ্মীৰ সদায় স্মৰণীয় হৈ ৰ’ব ইয়াৰ মিঠা আপেল, চিৰন্তন পৰম্পৰা, সুন্দৰ হস্তশিল্প আৰু সৰ্বোপৰি ইয়াৰ উমাল হৃদয়ৰ মানুহৰ বাবে…
~ডেইজী দেৱী
৮৭৬১০৪৩২৮৮

