কবি ৰেমী শৰ্মালৈ ২০২৬ বৰ্ষৰ সন্মানীয় ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’

অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজসেৱাৰ ক্ষেত্ৰখনত নিৰন্তৰ কাম কৰি অহা অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “স্পন্দন…শব্দৰ পৰা হৃদয়লৈ”ৰ উদ্যোগত আয়োজিত ২০২৬ বৰ্ষৰ সন্মানীয় ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এই বৰ্ষৰ উক্ত বঁটাটিৰ বাবে নিৰ্বাচিত হৈছে প্ৰতিশ্ৰুতিসম্পন্ন যুৱ কবি ৰেমী শৰ্মা।

নতুন প্ৰজন্মৰ সাহিত্যিকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ৪০ বছৰৰ অনুৰ্ধৰ (৩১ ডিচেম্বৰ ১৯৮৫ৰ পাছত জন্মগ্ৰহণ কৰা) লেখক-লেখিকাৰ মাজত অনুষ্ঠিত কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ ভিত্তিত এই বঁটা প্ৰদান কৰা হয়। যুৱ কবি ৰেমী শৰ্মাই তেওঁৰ অনবদ্য কাব্যিক সৃষ্টি ‘জন্মৰ পাছৰখিনি’ শীৰ্ষক কবিতাৰ পাণ্ডুলিপিটোৰ বাবে এই বৰ্ষৰ বঁটাটি লাভ কৰিবলৈ সক্ষম হৈছে।

“স্পন্দন… শব্দৰ পৰা হৃদয়লৈ”ৰ সভাপতি ময়ূৰী দত্ত আৰু সম্পাদক দেৱব্ৰত বৰাই এখন প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে। বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি, অহা ৬ ডিচেম্বৰ (দেওবাৰে) গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কবিগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।

আবেলি ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি নৱপ্ৰজন্মৰ কবিগৰাকীক আশীৰ্বাদ দিয়াৰ লগতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ আয়োজক সমিতিয়ে সাহিত্যপ্ৰেমী ৰাইজক আহ্বান জনাইছে।

Related Articles