Breaking

বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ

0 29

আগন্তুক ৭ মেত অনুষ্ঠিত হবলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱত আজি নিৰ্বাচনী প্ৰচাৰ চলাই। আমিনগাঁও নেহৰু যুৱ বিকাশ কেন্দ্ৰত অনুষ্ঠিত আমিনগাঁও ৮০ নং লাচিত গড় পঞ্চায়ত অন্তৰ্গত অগপ, বিজেপি আৰু ইউ পি এলৰ ভোটাৰ ৰাইজ উপস্থিত থকা যৌথ নিৰ্বাচনী সভাত সভাপতিত্ব কৰে শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি ধীৰাজ মহন্তই।

সভাত ভাষণ দি আগন্তুক বৰপেটা লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কয় আমাৰ গতিশীল মুখ্যমন্ত্ৰীৰ ড০হিমন্ত বিশ্ব শৰ্মাই মোক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ বাবে বৰপেটা সমষ্টিৰপৰা পৰা অগপ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। চৌধুৰীয়ে ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত তেওঁৰ প্ৰাৰ্থীত্ব সমৰ্থনত তেওঁ অনুমান কৰাতকৈও অধিক সমৰ্থক ওলাই অহাত তেওঁ অতিশয় আনন্দ প্ৰকাশ কৰে। ৰাইজৰ মাজৰে এজন ব্যক্তি হৈ কাম কৰাৰ বাবে তেওঁক বঙাইগাঁও বাসীয়ে আঠবাৰকৈ অসম বিধান সভালৈ নিৰ্বাচিত কৰা বুলি উল্লেখ কৰি চৌধুৰীয়ে বঙাইগাঁও বাসী ৰাইজৰ সমানেই সমগ্ৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ ৰাইজৰ মাজত ৰাইজৰে এজন কৰ্মী হৈ কাম কৰি যাবৰ বাবে বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়যুক্ত কৰিবলৈ ভোট দাতা ৰাইজলৈ আহ্বান জনায়।

সভাত ভাষণ দি অগপ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয় অগপ বিজেপি আৰু ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী এগৰাকী নিকা ভাৱমূৰ্তীৰ ব্যক্তি। সাধাৰণ জীৱন যাপন কৰা আৰু ৰাইজৰ হৈ কাম কৰা জনপ্ৰিয় ফণীভূষণ চৌধুৰীয়ে আঠবাৰকৈ বিধায়ক হৈ এক নজিৰ সৃষ্টি কৰিছে। তেওঁৰ এই কৰ্মনিষ্ঠাক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই চৌধুৰীক আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটাৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰি মনোজ শইকীয়াই কয় ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত বাবে আজি অসমৰ লগতে জালুকনিবাৰী সমষ্টিৰ চাৰিওফালে উন্নয়ন বতাহ বলিছে। সভাত ভাষণ দি উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুৱল পালে আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়ী কৰিবলৈ উপস্থিত ভোটাৰ ৰাইজৰ প্ৰতি আহ্বান জনায়। সভাত অগপ নেতা তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়, অগপৰ কেন্দ্ৰীয় সম্পাদক জয়ন্ত কুমাৰ নাথ, অগপৰ জালুকবাৰী বিধান পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি শংকৰ কুমাৰ দাস, বিজেপি নেতা কেশৱ কলিতা,৮০ নং লাচিত গড় পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰদীপ দাসকে ধৰি অগপ আৰু বিজেপি দলৰ কেইবাজনো নেতা উপস্থিত থাকে। সভাত অগপ আৰু বিজেপি দলৰ বুথৰ সভাপতি, বিভিন্ন মৰ্চাৰ সভাপতি আৰু সম্পাদক সকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ফুলাম গামোছা আৰু শৰাইৰে সম্বৰ্দ্ধনা জনাই।

Leave A Reply