সামাজিক মাধ্যমত এক টেলিফোনিক বাৰ্তালাপৰ অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰাৰ পাছতেই যোৰহাট বন সংমণ্ডলৰ ফৰেষ্টাৰ-২ মন্টু হাজৰিকাক কৰ্তব্যৰ পৰা নিলম্বন কৰা হয়। উক্ত অডিঅ’ ক্লিপটোত বনকৰ্মীগৰাকীৰ অনিয়ম আৰু নীতিবহিৰ্ভূত কাৰ্যকলাপৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে, এই ভাইৰেল অডিঅ’ ক্লিপটো অসমৰ পৰিৱেশ আৰু বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁ বিষয়টো অতি গুৰুত্বসহকাৰে লৈ অভিযুক্ত বনকৰ্মীজনৰ বিৰুদ্ধে তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে।
বনমন্ত্ৰীৰ এই জৰুৰী নিৰ্দেশৰ পাছতেই যোৰহাট সংমণ্ডলৰ সংমণ্ডল বন বিষয়া (DFO)-ই এক চৰকাৰী নিৰ্দেশ জাৰি কৰি বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ফৰেষ্টাৰ-২ মন্টু হাজৰিকাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে।

