জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ ভাৰত ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সন্মিলনে ভাৰত-জাপান সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ যোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই বৈঠক কেৱল কৌশলগত নিৰাপত্তা বা ভূ-ৰাজনৈতিক দিশতেই সীমাবদ্ধ নহয়, বৰঞ্চ দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা আৰু বিনিয়োগৰ ক্ষেত্ৰতো এক নতুন দিশ উন্মোচন কৰিছে। প্ৰতিৰক্ষা খণ্ডত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপানৰ মাজত প্ৰথমটো সহ-উন্নয়ন প্ৰকল্পই প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিকাশৰ লগতে “সামুদ্ৰিক নিৰাপত্তা আৰু আঞ্চলিক শান্তি” শক্তিশালী কৰাত সহায় কৰিব।
তেওঁ কয়, “প্ৰতিৰক্ষা খণ্ডত আমি আজি ভাৰত আৰু জাপানৰ মাজত প্ৰথমটো সহ-উন্নয়ন প্ৰকল্প সন্দৰ্ভত এক চুক্তিত স্বাক্ষৰ কৰিছোঁ । নৌসেনাৰ ৰেডিঅ’ এণ্টিনা ‘ইউনিকৰ্ণ’ জড়িত হৈ থকা এই প্ৰকল্পই আমাৰ প্ৰতিৰক্ষা প্ৰযুক্তি অংশীদাৰিত্বৰ এক নতুন অধ্যায় মুকলি কৰিব । আমি এতিয়া যৌথভাৱে প্ৰতিৰক্ষা প্ৰযুক্তি বিকশিত কৰিম, যিয়ে আঞ্চলিক শান্তি, সামুদ্ৰিক নিৰাপত্তা আৰু নিয়মভিত্তিক শৃংখলাক শক্তিশালী কৰিব।”
বৃহস্পতিবাৰে স্বাক্ষৰিত চুক্তিসমূহৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দুয়োখন দেশৰ অংশীদাৰিত্বই “গোলকীয় স্বাস্থ্য সুৰক্ষা”ত অৰিহণা যোগাব বুলিও তেওঁ কয় ।প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি ফাৰ্মাচিউটিকেল, চিকিৎসা সঁজুলি আৰু জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত স্বাক্ষৰিত চুক্তিসমূহৰ জৰিয়তে আমি বিশ্ব স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰতো অৰিহণা যোগাম । ভাৰতৰ পৰিসৰক জাপানৰ গুণমানৰ সৈতে সংযুক্ত কৰি আমি বিশ্বলৈ সুলভ মূল্যৰ, নিৰ্ভৰযোগ্য আৰু উন্নত স্বাস্থ্য সমাধান প্ৰদানৰ দিশত কাম কৰিম।”ভাৰত আৰু জাপানৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত দুয়োখন ৰাষ্ট্ৰই মূল চুক্তি স্বাক্ষৰ কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে প্ৰযুক্তিগত অংশীদাৰিত্বৰ প্ৰতি ভাৰত আৰু জাপানৰ অংশীদাৰিত্বৰ প্ৰতি দায়বদ্ধতা আৰু প্ৰচেষ্টাই বিশ্বজনীনভাৱে এআই বিকাশত সহায় কৰিব পাৰে ।”প্ৰধানমন্ত্ৰী টাকাইচি আৰু মই বিশ্বাস কৰোঁ যে প্ৰযুক্তিৰ অংশীদাৰিত্ব আমাৰ সহযোগিতাৰ আটাইতকৈ শক্তিশালী স্তম্ভ হৈ পৰিব । এই দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ আমি আজি এআইৰ ক্ষেত্ৰখনৰ ওপৰতো এক যৌথ বিবৃতি প্ৰকাশ কৰিছোঁ। ভাৰতীয় এআই পৰিৱেশতন্ত্ৰৰ অন্তৰ্গত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানেও আজি নিজৰ জাপানীজ অংশীদাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে।
জাপানৰ নিখুঁত প্ৰযুক্তি আৰু ভাৰতৰ ছফ্টৱেৰ ক্ষমতাৰ সম্প্ৰসাৰণে বিশ্বজনীন এআই বিকাশত নতুন গতি আৰু শক্তি প্ৰদান কৰিব ।” মোদীয়ে কয় ।জাপানে অনাগত দহ বছৰৰ ভিতৰত ভাৰতত ৬১ বিলিয়ন ডলাৰৰো অধিক বিনিয়োগ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই লক্ষ্য এতিয়া অধিক গতি লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। বৰ্তমান ভাৰতত প্ৰায় ১,৪০০ টা জাপানী কোম্পানীয়ে কাৰ্যকলাপ চলাই আছে, যাৰ ভিতৰত উল্লেখযোগ্য সংখ্যক প্ৰতিষ্ঠান উৎপাদন খণ্ডৰ সৈতে জড়িত। ভাৰতৰ বৃহৎ বজাৰ, দক্ষ আৰু যুৱ কৰ্মশক্তি আৰু বিকাশৰ বিপুল সম্ভাৱনাই জাপানৰ বাবে এই দেশক এক আকৰ্ষণীয় বিনিয়োগ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিছে। ইফালে, জাপানৰ নিজ দেশত জনসংখ্যা হ্ৰাস আৰু অৰ্থনৈতিক বিস্তাৰৰ সীমাবদ্ধতাই বিদেশত বিনিয়োগৰ প্ৰৱণতা বৃদ্ধি কৰিছে। তদুপৰি, চীনত বৃদ্ধি পাই থকা শ্ৰমিক ব্যয় আৰু ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ বাবে বহু জাপানী কোম্পানীয়ে চীনৰ পৰিৱৰ্তে ভাৰতত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আৰম্ভ কৰিছে। ফলত ভাৰত জাপানী উদ্যোগসমূহৰ বাবে এক বিকল্প কেন্দ্ৰ হিচাপে আগবাঢ়ি আহিছে।জাপানৰ মুখ্য বিত্তীয় প্ৰতিষ্ঠানসমূহ যেনে এছ এম বি চি (SMBC), এম ইউ এফ জি (MUFG) আৰু মিজুহোৱে ভাৰতীয় বেংকিং আৰু বিত্তীয় খণ্ডত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছে। এই বিনিয়োগসমূহে কেৱল জাপানী কোম্পানীবোৰক সহায় কৰাই নহয়, বৰঞ্চ ভাৰতৰ বিত্তীয় ব্যৱস্থাকো শক্তিশালী কৰি তুলিছে।
লগতে, দুয়োখন দেশৰ মাজত টকা আৰু য়েনৰ পোনে পোনে লেন-দেন ব্যৱস্থা আৰম্ভ কৰাৰ বিষয়টোও এই বৈঠকত আলোচনা হ’ব পাৰে, যাৰ ফলত ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আৰু ব্যৱসায় সহজ হ’ব।সেউজ শক্তিৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত সহযোগিতা বাঢ়ি আহিছে। জাপানৰ আই এইচ আই কৰ্পোৰেচন আৰু ভাৰতৰ একমে গ্ৰুপৰ মাজত প্ৰায় ৩ বিলিয়ন ডলাৰৰ সেউজ এমোনিয়া প্ৰকল্পই শক্তি খণ্ডত নতুন দিশ উন্মোচন কৰিব। এই প্ৰকল্পৰ জৰিয়তে ভাৰতত উৎপাদিত নবীকৰণযোগ্য শক্তিৰ সহায়ত সেউজ হাইড্ৰোজেন তৈয়াৰ কৰি তাক এমোনিয়ালৈ ৰূপান্তৰ কৰি জাপানলৈ ৰপ্তানি কৰা হ’ব।মুঠতে, আন্তঃগাঁথনি, প্ৰযুক্তি, উৎপাদন আৰু শক্তি খণ্ডত ভাৰত-জাপান সহযোগিতাৰ এই নতুন অধ্যায়ে অনাগত দিনত এছিয়াৰ অৰ্থনৈতিক পৰিসৰত দুয়োখন দেশক শক্তিশালী শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে। ইপিনে পৰ্যবেক্ষক মহলে প্ৰকাশ কৰা মতে সেউজ শক্তি খণ্ডত জাপানৰ বিনিয়োগে লাভাৱান্বিত কৰিব অসমক । অসমত ইতিমধ্যে ছেমিকণ্ঢাক্টৰৰ দৰে প্ৰকল্প গঢ় লৈ উঠিছে। আনহাতে যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত জাপানৰ বিনিয়োগে অসমক প্ৰচুৰ লাভৰ অংশীদাৰ কৰি তুলিব বুলি আশা কৰা হৈছে।

