ভূপেন বৰাৰ দিনতে অসম কংগ্ৰেছ শূণ্য হ’বযোৰহাটত আঢ়ৈ লাখ ভোটৰ ব্যৱধানত বিজেপি জয়ী হ’ব: মন্ত্ৰী পীযুষ হাজৰীকা

ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। কোনো ক্ৰূটি নৰখাকৈ স্বতস্ফূৰ্তভাৱে অভিযান চলাইছে মন্ত্ৰী পীযুষ হাজৰীকাই। সোমবাৰে মৰিয়নি সমষ্টিত বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ জোৰদাৰ প্ৰচাৰ অভিযান মন্ত্ৰী পীযুষ হাজৰীকাৰ।


মৰিয়নি,কলিয়াপানী আৰু চেলেং মণ্ডলৰ ৯ খনকৈ সভাত ভাগ লৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী গৰকীয়ে।
ৰান্ধনি সহায়িকাক বিজেপিক ভোট দিবলৈ আহ্বান পীযুষ হাজৰীকাৰ। বিয়লি মৰিয়নি নাগাজাংকা ৰঙ্গমঞ্চত ৰান্ধনী আৰু সহায়িকা সকলৰ লগত মিলিত হোৱা এক সভাত তেওঁলোকৰ দুখ দুৰ্দশা সমূহ দূৰ কৰাৰ পদক্ষেপ হাতত লোৱা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে বিজেপিক ভোট দিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। অন্যহাতে যোৰহাট লোকসভা সমষ্টিত আঢ়ৈ লাখ ভোটৰ ব্যৱধানত বিজেপি জয়ী হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। লগতে ভূপেন বৰাৰ দিনতে অসমত কংগ্ৰেছ শূণ্য হব বুলিও জনায়। এনেদৰে অত্যন্ত ব্যস্ততাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে মন্ত্ৰী পীযুষ হাজৰীকা।

Related Articles