Breaking

মংগলবাৰৰ পৰা উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হ’ব ‘উদ্যম-২০২৩’ শীৰ্ষক এম.এছ.এম.ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন

0 67

কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী আৰু গোৱালপাৰা জিলাই অংশগ্ৰহণ কৰিবলগীয়া উক্ত সন্মিলন কাইলৈ উদ্বোধন কৰিব উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই। উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা আৰু সাংসদ কুইন ওজাইও কৰিব অংশগ্ৰহণ।জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰাৰ বাবে কাইলৈৰ পৰা অহা ২৫ ফেব্ৰুৱাৰীলৈ কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী আৰু গোৱালপাৰা জিলাৰ লগতে ভাৰত চৰকাৰৰ এম.এছ.এম.ই, বেংকিং খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰত ‘উদ্যম-২০২৩’ শীৰ্ষক এম.এছ.এম.ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন অনুষ্ঠিত হ’ব। সৰ্বমুঠ ১০০টা এম.এছ.এম.ই ষ্টল, ১২টা ফুড ষ্টলৰ সমাহাৰেৰে অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখন কাইলৈ আনুষ্ঠানিকভাৱে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই কৃষি মন্ত্ৰী অতুল বৰা আৰু সাংসদ কুইন ওজাৰ উপস্থিতিত উদ্বোধন কৰিব। ৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। উক্ত সন্মিলনত কামৰূপ জিলাৰ কৃষি, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ, জিলা গ্ৰামীণ অভিকৰণৰ বিপণীৰ লগতে ভাৰত চৰকাৰৰ এম.এছ.এম.ই তথা বিভিন্ন বেংকিং প্ৰতিষ্ঠানৰ বিপণী থাকিব।

উক্ত সন্মিলনৰ আটাইকেইটা দিনতে ব্যৱসায়ৰ সম্ভাৱনীয়তা, উপযুক্ত প্ৰকল্প নিৰ্বাচন, ব্যৱসায়ৰ উন্নয়ন, পঞ্জীয়ন, ঋণৰ উপলব্ধতা, বাঁহ-বেতৰ পৰা আটক ধূনীয়া সামগ্ৰী নিৰ্মাণ, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ আধুনিকীকৰণৰ গুৰুত্ব, ক্ৰেতা-বিক্ৰেতা সন্মিলন, কাঠফুলাৰ (Mushroom) মূল্য সংযোজন, সামগ্ৰীৰ ব্ৰেণ্ডিং, পেকেজিং, বজাৰ সংযোগ (Market Linkage), ৰপ্তানিৰ সজাগতা ইত্যাদিৰ প্ৰশিক্ষণ তথা আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ উপৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰচনা লিখা তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্ৰাংকণ প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।

Leave A Reply