মঙলদৈত অঘটন। মঙলদৈ নদীত গা ধুবৈ গৈ নিখোজ হ’ল দুই কিশোৰ। সোমবাৰে মঙলদৈত মঙলদ নদীত গা ধুবলৈ গৈ নিখোজ হ’ল দুই কিশোৰ। মঙলদৈ নতুন পাৰাৰ সঞ্জীৱ মণ্ডল আৰু ঋত্বিক মণ্ডল নামৰ দুই কিশোৰ এতিয়াও সন্ধানহীন।
সমনীয়াৰ সৈতে নদীত গা ধুব আহিছিল দুয়ো কিশোৰ। মঙলদৈ ৫ নং ৱাৰ্ডৰ প্ৰদীপ মণ্ডল আৰু ৰাজু মণ্ডলৰ দুই পুত্ৰ সঞ্জীৱ আৰু ঋত্বিক। খবৰ পোৱা মাত্ৰকে SDRFবাহিনীৰ লোক উপস্থিত হৈ অনুসন্ধান চলাইছে যদিও এতিয়াও কোনো সন্ধান লাভ কৰিব সক্ষম হোৱা নাই দুই কিশোৰৰ। হয়তো নদীৰ পানীৰ সোঁতে উটুৱাই লৈ গ’ল কিশোৰ দুগৰাকীক।

