Breaking

মঙলদৈত পথ দুৰ্ঘটনাত মৃত্যু জ্যেষ্ঠ অধিবক্তা প্ৰেমেশ্বৰ শৰ্মা

0 37

দৈনন্দিন বাৰ্তাৰ সেৱা,মঙলদৈ, ৮ ডিচেম্বৰ : মঙলদৈৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন ছাত্র নেতা, অসম আন্দোলনৰ এগৰাকী অগ্ৰণী সৈনিক প্ৰেমেশ্বৰ শৰ্মা (৬৫)ৰ আজি এক পথ দুৰ্ঘটনাত আকস্মিক মৃত্যু হয়। তেওঁৰ মৃত্যুত সমগ্ৰ দৰং জিলাতে শোকৰ ছাঁ পৰিছে। মঙলদৈৰ নিকটৱৰ্তী আউলাচৌকাৰ বইনাওজা গাঁৱৰ বাসিন্দা মঙলদৈ আদালতৰ চৰকাৰী অধিবক্তা প্ৰেমেশ্বৰ শৰ্মাই এ এছ ১৩ কিউ ৭১৮৪ নম্বৰৰ স্কুটি খনেৰে ঘৰৰ পৰা মঙলদৈ আদালতলৈ গৈ থকাৰ মুহূৰ্তত মঙলদৈৰ ভেবাৰঘাটত অৱস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সন্মুখত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনাত পতিত হয়। আদালত পাবলৈ আৰু মাত্ৰ দুশ মিটাৰ থাকোতে দিনৰ প্ৰায় ১০ বজাত বিপৰীত দিনৰ পৰা গৈ থকা এ এছ ০১ ই চি ৮৭৬৮ নম্বৰৰ ট্ৰাক এখনে তেওঁক খুন্দিওৱাৰ ফলত পথৰ ওপৰতে শৰ্মা পৰি যায় আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। অসম আন্দোলনৰ সেনানী প্ৰেমেশ্বৰ শৰ্মা আছিল এগৰাকী প্ৰৱল জাতীয়তাবাদী ভাৱধাৰাৰ লোক। দৰং জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি প্ৰেমেশ্বৰ শৰ্মাৰ নেতৃত্বত দৰং জিলাৰ দৰিদ্ৰ কৃষকক লৈ পাঁচখনকৈ সমবায় গঢ়ি তুলি কৃষি কৰ্মৰ জৰিয়তে কিদৰে স্বাৱলম্বী হ’ব পাৰি তাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। অসম আন্দোলনৰ পাছত এই আন্দোলনত জৰিত লোকসকলক লৈ গঠিত সতীৰ্থ সন্মিলনৰ তেওঁ আছিল সভাপতি। অসম গণ পৰিষদৰ জন্মলগ্নৰ পৰা জৰিত হৈ থাকি বিভিন্ন সময়ত দলটোক আঞ্চলিক পৰ্যায়ত নেতৃত্ব প্ৰদান কৰিছিল। তেওঁ আছিল দৰিদ্ৰৰ ত্ৰাণকৰ্তা, খিলঞ্জীয়া দুখীয়া লোকৰ মোকৰ্দমা তেওঁ কোনো মাচুল নোলোৱাকৈ চলাইছিল। তেওঁৰ মৃত্যুত মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্ৰাক্তন সাংসদ তথা মঙলদৈ উকীল সন্থাৰ সভাপতি মাধৱ ৰাজবংশী, দৰং জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱা, সম্পাদকদ্বয় অপূৰ্ব ডেকা, স্বৰাজ ডেকা, নৱ ডেকা, অগপৰ প্ৰাক্তন বিধায়ক হিৰেণ কুমাৰ দাস, আছুৰ কেন্দ্ৰীয় উপসভাপতি খনিন্দ্ৰ ৰাজবংশী, কাৰ্য্যনিৰ্বাহক সদস্য পৰাগ কুমাৰ চহৰীয়া, দৰং জিলা ছাত্র সন্থাৰ সভাপতি ৰাজু শৰ্মা, সাধাৰণ সম্পাদক হৃদয় বৰুৱা, জিলা বিজেপি, জিলা যুৱ ছাত্ৰ পৰিষদ আদি বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়। মৃত্যুৰ সময়ত তেওঁ পত্নী সহ দুজনী কন্যা, এগৰাকী পুত্ৰ সন্তান আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

Leave A Reply