মহানগৰ নে মহাসাগৰ! মুষলধাৰ বৰষুণত জলমগ্ন গুৱাহাটীঃ ৰাজপথতে আবদ্ধ বহু বাহন, জনজীৱন ব্যাহত

সোমবাৰে দুপৰীয়া হোৱা মুষলধাৰ বৰষুণত জলমগ্ন হৈ পৰে গুৱাহাটী মহানগৰীৰ প্ৰায়ভাগ এলেকা। বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে হাতীগাঁও, চানমাৰী, শিলপুখুৰী, জুৰোড, খানাপাৰাকে ধৰি বহু ঠাইত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাজপথতে আবদ্ধ হৈ পৰে বহু বাহন। ফলত জনজীৱন ব্যাহত হৈ পৰে। ধাৰাসাৰ বৰষুণৰ বাবে জু-ৰোড, চানমাৰী, নুনমাটি আৰু খানাপাৰা আদিৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে।

ঠায়ে ঠায়ে সৃষ্টি হোৱা কৃত্ৰিম বান আৰু যান-জঁটে মহানগৰবাসীৰ যাতায়াতত চৰম অসুবিধাৰ সৃষ্টি কৰে।গুৱাহাটী মহানগৰীত সোমবাৰে দুপৰীয়া আৰু দেওবাৰে নিশা হোৱা বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বানৰ ফলত তীব্ৰ যান-জঁট আৰু জীৱন যাত্ৰাৰ ব্যাপক বিঘিনি ঘটিছে। হঠাৎ হোৱা বানৰ ফলত সাধাৰণ জনতা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। প্ৰবল বৰষুণৰ লগতে দুৰ্বল জল নিষ্কাশন ব্যৱস্থাৰ ফলত চহৰৰ প্ৰায় সকলো ঠাই জলমগ্ন হোৱাৰ ফলত বাসিন্দাসকলে যাতায়তৰ সমস্যাৰ সন্মুখীন হৈছে।

বানত বুৰ গৈছে মহানগৰীৰ হাতীগাওঁ, ওৱাৰলেচ, চানমাৰি, লাচিত নগৰ, অনিল নগৰ, নবীন নগৰ। একেদৰে,উজান বজাৰ, বেলতলা, জু-ৰোড আদিতো বানৰ সৃষ্টি হৈছে। মহানগৰীৰ মূল পথসমূহত বানৰ বাবে তীব্ৰ যানজঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। উল্লেখ্য সোমবাৰৰ দৰেই দেওবাৰ তথা শনিবাৰে সন্ধিয়াও মহানগৰীত হোৱা প্ৰবল বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিল। বাৰিষা কালত গুৱাহাটীৰ বাবে এক নিয়মীয়া সমস্যা হৈ পৰা এই কৃত্ৰিম বানৰ ফলত মহানগৰীৰ দ অঞ্চলসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত স্থানীয় বাসিন্দাসকল ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে প্ৰধান পথসমূহত যান-বাহনৰ চলাচলত তীব্ৰ ব্যাঘাত জন্মিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ বাবে ‘অৰেঞ্জ এলাৰ্ট‘ জাৰি কৰাৰ পিছতে পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰৰ বতৰা অনুসৰি, আগন্তুক কেইটামান দিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান প্ৰশাসনে সামগ্ৰিক পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে আৰু যাত্ৰা কৰাৰ সময়ত জনসাধাৰণক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজক জলমগ্ন অঞ্চলসমূহ এৰাই চলিবলৈ, পূৰ্বতেই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু প্ৰশাসনে জাৰি কৰা যান-বাহন সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ জনাইছে।

Related Articles