Breaking

মহাসংকটত দেশ! বিবিধ বিষয়েৰে জুৰুলা হৈছে ভাৰতীয় অৰ্থনীতি…

0 2,108

দেশৰ অৰ্থনীতিৰ বাবে বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিয়ে৷ মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণহীনতা আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱনমনে ভাৰতীয় অৰ্থনীতিক ঠেলি দিছে গভীৰ সংকটৰ মাজলৈ৷ আজি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি জুন মাহত মুদ্ৰাস্ফীতিৰ হাৰ হয়গৈ ৭.০১ শতাংশ৷ মে’ মাহত এই হাৰ আছিল ৭.০৪ শতাংশ৷ মে’ৰ তুলনাত জুনত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পাইছে যদিও জটিল হৈ আছে মুদ্ৰাস্ফীতিৰ হাৰ৷ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আজি ৭৯.৬২লৈ অৱনমিত হৈছে৷
ইপিনে, ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতিৰ হাৰ ৬ শতাংশত যিকোনো প্ৰকাৰে নিয়ন্ত্ৰণত ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল যদিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু খাদ্যদ্ৰব্যৰ দাম নিয়ন্ত্ৰণত ক্ৰমাগত ছমাহ ধৰি সফল হ’ব পৰা নাই মোদী চৰকাৰ৷ সংকটে ছানি ধৰিছে ভাৰতীয় অৰ্থনীতি৷ টকাৰ মূল্য হ্ৰাস, জিএছটিৰ অৱনমনে দেশৰ অৰ্থনীতিক কোঙা কৰি তোলাৰ সময়তে আহিছে ইটোৰ পিছত সিটো উদ্বেগজনক খবৰ৷ জিএছটি প্ৰৱৰ্তন, আকস্মিক বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিলৈ বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই অনা বুলি মত ব্যক্ত কৰিছিল দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদসকলে৷


আনকি, দেশৰ বিধ্বস্ত অৰ্থনৈতিক অৱস্থাৰ বাবেই পদত্যাগ পৰ্যন্ত কৰিবলগীয়া হৈছিল ৰিজাৰ্ভ বেংক  অব ইণ্ডিয়াৰ গৱৰ্ণৰে৷ নবেলজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে ইতিমধ্যে কেইবাবাৰো কেন্দ্ৰীয় চৰকাৰক দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ পৰামৰ্শ দি আহিছে৷ কিন্তু, এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই৷ বিধ্বস্ত অৰ্থনীতিৰ প্ৰতি পিঠি দি ধৰ্ম‌, ভাষা জাতীয় সংবেদনশীল বিষয়ৰ অৱতাৰণাৰে জনসাধাৰণক ব্যস্ত কৰি ৰখাৰ মৃদু কৌশল অৱলম্বন কৰাহে পৰিলক্ষিত হয়৷ আৰু মৌলিক বিষয়ৰ অৱতাৰণা নকৰাকৈ স্থূল বিষয়েৰে ঢাকি ৰখা হয় ভগ্ন অৰ্থনীতিৰ কংকালসাৰ জঁকা৷ মুদ্ৰাস্ফীতিৰ সমান্তৰালভাৱে ডলাৰৰ বিপৰীতে টকাৰ মূল্যমান হ্ৰাসেও প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ভাৰতীয় অৰ্থনীতিলৈ৷ ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাসে নিজেই নিজৰ অভিলেখ ভংগ কৰিছে৷ বৈদেশিক প্ৰাতিষ্ঠানিক বিনিয়োগকাৰীৰ ভাৰত ত্যাগৰ বাবেই টকাৰ বাবেই মূল্যমান হ্ৰাস পাইছে বুলি অৰ্থনীতিবিদসকলে সিদ্ধান্তলৈ আহিছে৷

ভাৰতীয় ৰিজাৰ্ভ বেংকে যদি শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা হাতত নল’লে দুই-তিনিদিনৰ ভিতৰতে প্ৰতি ডলাৰৰ মূল্য ৮০ টকাৰ ঘৰ অতিক্ৰম কৰিব৷ জানিব পৰা মতে, ডলাৰৰ বিপৰীতে টকাৰ মূল্য সুস্থিৰ কৰাৰ লগতে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাৰ বাবে অহা ২-৪ আগষ্টত অনুষ্ঠিতব্য ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে পুনৰ সুতৰ হাৰ বৃদ্ধিৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে৷ এনে পৰিস্থিতিত দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে যে অনাগত দিনত ভাৰতবৰ্ষই ভয়াৱহ সংকটৰ গ্ৰাসত পৰিব সেয়া ধূৰুপ৷

Leave A Reply