Breaking

মাদ্ৰাছা আশ্ৰাফিয়া মদিনাতুল উলুম, কাকৰীপাৰাৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীৰ পদযাত্ৰা

0 1,609

স্বাধীনতাৰ অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীৰ আজি দ্বিতীয় দিনা, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত- বাংলা সীমান্তৰ গাতে লাগি থকা কাকৰীপাৰা মাদ্ৰাছা আশ্ৰাফিয়া মদিনাতুল উলুমে হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীৰ এখন পদযাত্ৰা কৰা পৰিলক্ষিত হৈছে। পদযাত্ৰা খন কাকৰীপাৰা বালুৰচৰৰ পৰা আৰম্ভ কৰি স্থানীয় বজাৰ লৈকে প্ৰায় ১ কিলোমিটাৰ পথ অতিক্ৰম কৰা লক্ষ্য কৰা হয়। উক্ত কাৰ্য্যসূচীত মাদ্ৰাছাৰ শিক্ষক, ছাত্ৰ ,পৰিচালনা কমিটিৰ সদস্য ও স্থানীয় ৰাইজে শোভাযাত্ৰা খনত অংশগ্ৰহণ কৰে।

শোভাযাত্ৰাখনৰ যোগেদি মাদ্ৰাছাৰ উদ্যোগতাই সকলো শ্ৰেণীৰ ৰাইজক হৰ ঘৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহবান জনায়।

Leave A Reply