North Guwahati । চন্দ্ৰকুমাৰ বৰদলৈ জাতীয় বিদ্যালয়ত আন্তঃবিদ্যালয় দলীয় কুইজ প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন । কামৰূপ জিলাৰ চন্দ্ৰকুমাৰ বৰদলৈ জাতীয় বিদ্যালয়ৰ উদ্যোগত বুধবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ‘বিষ্ণু-জ্যোতি-ভূপেন-জুবিন’ শীৰ্ষক কলা আৰু সাংস্কৃতিক আন্তঃবিদ্যালয় দলীয় কুইজ প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন সফলতাৰে সম্পন্ন হয়। ‘জনকল্যাণ চ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়, অসম’ আৰু ‘আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চ’চাইটি’ৰ যৌথ সহযোগিতাত এই অনুষ্ঠানভাগিৰ আয়োজন কৰা হয়।বিদ্যালয় প্ৰাংগনত আয়োজিত অনুষ্ঠানটিৰ আৰম্ভণিতে মংগলময় বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী প্ৰাৰ্থপ্ৰতিম বৰকাকতি আৰু ‘জনকল্যাণ চ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়, অসম’ৰ সভাপতি তথা ‘সাপ্তাহিক জনকল্যাণ বাৰ্তা’ কাকতৰ স্বত্বাধিকাৰী ও সম্পাদক কুমুদ নাথে।

ইয়াৰ পিছতে অসমৰ মহান যুগদ্ৰষ্টাসকলৰ প্ৰতিচ্ছবিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সমগ্ৰ অনুষ্ঠানটি অত্যন্ত সুচাৰূৰূপে আঁত ধৰি পৰিচালনা কৰে শিক্ষয়িত্ৰী অজন্তা দেৱীয়ে।আনহাতে, শিক্ষাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতামূলক পৰিৱেশ সৃষ্টি কৰা কুইজ অনুষ্ঠানটি অতি দক্ষতাৰে পৰিচালনা কৰে চন্দ্ৰপ্ৰভা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিজয়ানন্দ বৰুৱাই।

এই কাৰ্যত তেখেতক সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়ায় হিয়ানন্দ শৰ্মা বৰুৱাই।সভাত উপস্থিত বিশিষ্ট অতিথিসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি কয় যে এনেধৰণৰ প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাৰ লগতে অসমৰ চহকী কলা-সংস্কৃতিৰ বিষয়ে জানিবলৈ এক সুন্দৰ মঞ্চ প্ৰদান কৰে।অনুষ্ঠানৰ শেষত কুইজ প্ৰতিযোগিতাত স্থান প্ৰাপক বিজয়ীসকলক আনুষ্ঠানিকভাৱে ট্ৰফী, মানপত্ৰ আৰু উপহাৰৰ টোপোলা প্ৰদান কৰা হয়। অৱশেষত সমবেত কণ্ঠৰে জাতীয় সংগীত পৰিৱেশন কৰি সভাখনৰ সফল সামৰণি পেলোৱা হয়। সমগ্ৰ কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে সক্ৰিয়ভাৱে সহায়-সহযোগিতা কৰে।


