মানুহ-বন্যপ্ৰাণী সংঘাত ব্যৱস্থাপনাৰ বাবে ভাস্কৰ জ্যোতি দাসলৈ বিশেষ সন্মান
৭২ সংখ্যক বন্যপ্ৰাণী সপ্তাহ, ২০২৬ উপলক্ষে অসম চৰকাৰৰ বন বিভাগে ‘গজ বান্ধৱ এলিফেন্ট ৱেলফেয়াৰ ট্ৰাষ্ট’ৰ পৰিচালন ন্যাসৰক্ষী ভাস্কৰ জ্যোতি দাসক বিশেষ সন্মান আগবঢ়ায়। মানুহ-বন্যপ্ৰাণী সংঘাত ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি হিচাপে তেওঁক এই সন্মান প্ৰদান কৰা হয়।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাস্কৰ জ্যোতি দাসক বিশেষ মানপত্ৰ প্ৰদান কৰে।
আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৱৰ্তী অঞ্চলসমূহত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলক আগবঢ়োৱা স্বেচ্ছামূলক সেৱা আৰু নিষ্ঠাৰ বাবে দাসক এই সন্মান আগবঢ়োৱা হয়।
বিগত এক দশকৰো অধিক সময় ধৰি ভাস্কৰ জ্যোতি দাস মানুহ-হাতী সংঘাত ব্যৱস্থাপনা আৰু এছীয় হাতী সংৰক্ষণৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। সংঘাত হ্ৰাস কৰাৰ লগতে স্থানীয় ৰাইজ আৰু বন বিভাগৰ সৈতে সমন্বয় সাধন কৰি তেওঁ বহু হাতী উদ্ধাৰ অভিযানতো প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিছে।
বন বিভাগ আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ সহযোগত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আঘাতপ্ৰাপ্ত তথা অসুস্থ বনৰীয়া হাতীৰ সন্ধান, উদ্ধাৰ আৰু চিকিৎসাৰ ক্ষেত্ৰতো দাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

তেওঁৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত স্থানীয় ৰাইজ আৰু বন বিভাগৰ মাজত যোগাযোগ আৰু সমন্বয় অধিক শক্তিশালী হোৱাৰ লগতে অঞ্চলটোৰ বন্যপ্ৰাণী সুৰক্ষা ব্যৱস্থাও অধিক সুদৃঢ় হৈছে।
উল্লেখ্য যে, ‘গজ বান্ধৱ এলিফেন্ট ৱেলফেয়াৰ ট্ৰাষ্ট’ অসমত এছীয় হাতী সংৰক্ষণ, হাতীৰ আৱাসস্থল সংৰক্ষণ আৰু মানুহ-হাতী সংঘাত প্ৰশমনৰ উদ্দেশ্যে কাম কৰি অহা এটা বেচৰকাৰী অনুষ্ঠান। গুৱাহাটীৰ আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ট্ৰাষ্টটোৱে ক্ষেত্ৰভিত্তিক সহায় আৰু জৰুৰীকালীন হাতী উদ্ধাৰ অভিযানৰ জৰিয়তে সক্ৰিয়ভাৱে কাম কৰি আহিছে।

