মাৰ্ঘেৰিটাত আনন্দ ডান্স একাডেমীৰ বৰ্ণাঢ্য প্ৰতিষ্ঠা দিৱসঃ শতাধিক কণ-কণ শিশুৰ নৃত্যই মুহিলে ৰাইজক

মাৰ্ঘেৰিটাৰ আগশাৰীৰ নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ ‘আনন্দ ডান্স একাডেমী’ৰ উদ্যোগত শনিবাৰে প্ৰতিষ্ঠা দিৱসটি উলহ-মালহেৰে উদযাপন কৰা হয়।

মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত সন্ধিয়া আয়োজিত এই অনুষ্ঠানটোৱে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

​অনুষ্ঠানৰ আৰম্ভণিতে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে জুবিন গাৰ্গৰ জনপ্ৰিয় ‘মায়াবিনী’ গীতটিৰ সুৰত এক সুন্দৰ সমবেত সংগীত পৰিৱেশ কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে।

​ইয়াৰ পিছতে অসমৰ হাৰ্টথ্ৰব তথা মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰা হয়।

​প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক আকৰ্ষণীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

একক আৰু দলীয় শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত মাৰ্ঘেৰিটা আৰু ইয়াৰ ওচৰ-পাজৰৰ অঞ্চলৰ শতাধিক কণ-কণ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।

অনুষ্ঠানটোত অঞ্চলটোৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি, স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক-অভিভাৱিকা সকলৰ উপস্থিতিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

​আনন্দ ডান্স একাডেমীৰ এই প্ৰয়াসে অঞ্চলটোৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহক এক উপযুক্ত মঞ্চ প্ৰদান কৰা বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

Related Articles