Breaking

মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ

0 18

মাৰ্ঘেৰিটাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী তীব্ৰ অভিযান। মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।আৰক্ষী ধাৰাবাহিক অভিযানত আটক হৈছে ইজনৰ পিছত সিজন নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ী।

আজি আৱেলি মাৰ্ঘেৰিটাত এক গোপন সূত্ৰ পমখেদি মাৰ্ঘেৰিটা আৰক্ষীয়ে নামদাং অঞ্চলত অভিযান চলাই বৃহত পৰিমাণৰ ড্ৰাগছসহ এটা ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ মাফিয়াটো নামদাংৰ বাবলু আহমেদ(৪০)। ধৃত ড্ৰাগছ মাফিয়াটো বাবলু আহমেদৰ জিম্মাৰ পৰা আৰক্ষীয়ে ৫০ পেকেট ড্ৰাগছ (৫৭৬.৪১ গ্ৰাম) জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ খিনি বজাৰ মূল্য কেইবা লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply