Breaking

মুকালমুৱাত দশম বাৰ্ষিক চক্ৰধৰ ডেকা সোৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত জয়লাভ দিল্লী এফ চি দলৰ। ফাইনেল খেলখন উদ্ধোধন কৰে সাংসদ কুইন ওজাই

0 543

মুকালমুৱাৰ চক্ৰধৰ ডেকা সোৱৰণী দশম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অসংখ্য দৰ্শকৰ উপস্থিতিত লোকেলোকাৰণ্য হৈ পৰে মুকালমুৱাৰ দেশভক্ত ময়দান। মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত চক্ৰধৰ ডেকা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখনত অংশগ্ৰহণ কৰে দিল্লী এফ চি আৰু চিৰাং দুৱৰা এফ চি দলে। সাংসদ কুইন ওজাই শুভ উদ্বোধন কৰা ফাইনেল খেল খনত ১-১ গলত অমীমাংসিতভাৱে সমাপ্ত হয়। পৰৱৰ্তী সময়ত ট্ৰাইবেকাৰৰ সহায়ত দিল্লী এফ চি দলে জয়লাভ কৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে।

ফাইনেল খেলখন উপভোগ কৰে সাংসদ কুইন ওজা, GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি বহুকেইজন বিশিষ্ট লোকৰ লগতে অসংখ্য ক্ৰীড়াপ্ৰেমী ৰাইজে। উল্লেখযোগ্য যে প্ৰতিযোগিতা খনত পঞ্জাৱ, কেৰেলা, শ্বিলঙকে ধৰি দেশৰ কেবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰিছিল।

Leave A Reply