তেজপুৰৰ হলেশ্বৰত বাইকসহ উদ্ধাৰ দুই যুৱকৰ মৃতদেহ৷ হলেশ্বৰ ৰাজহুৱা পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহ দুটা৷ দুই যুৱক ক্ৰমে তেজপুৰ বৰুৱাচুবুৰীৰ পলক গগৈ আৰু তপন দাস৷ পলক গগৈ দৰং মহাবিদ্যালয়ৰ স্নাতক ৫ম ষান্মাষিকৰ ছাত্ৰ৷ দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ আন্তঃক্ৰীড়া বিভাগৰ সম্পাদক৷
তপন গগৈ ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত৷ সোমবাৰে পলকৰ জন্মদিন আছিল৷ নিজগৃহত জন্মদিন উদযাপনৰ পিছত নিশা প্ৰায় ১২ বজাত দুই বন্ধু ওলাই আহিছিল মটৰচাইকেল লৈ৷ নিশাৰে পৰা দুয়ো সন্ধানহীন হৈ আছিল৷ অৱশেষত স্হানীয় শালনিবাৰী আৰক্ষীয়ে মোবাইল ফোন ট্ৰেক কৰি দুয়োৰে উপস্হিতিৰ সন্ধান লাভ কৰে৷ স্হানীয় লোকৰ সহায়ত আৰক্ষীয়ে অভিযান চলাই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পুখুৰীত৷
অভিযানকালত দুয়োৰে মৃতদেহ উদ্ধাৰ হয় পুখুৰীৰ পৰা৷ উদ্ধাৰ হৈছে মটৰচাইকেলখনো৷মটৰ চাইকেলখনৰ নম্বৰ AS12AJ 2646। আশংকা কৰা হৈছে দ্ৰুতবেগত মটৰচাইকেল চলোৱাৰ ফলতে দুৰ্ঘটনাত পটিত হয় দুয়ো৷ দুৰ্ঘটনা স্হানত ঘাইপথত থকা স্পীড ব্ৰেকাৰত খুন্দিয়াই ওফৰি দুয়ো পুখুৰীত সোমাই মৃত্যুক আঁকোৱালি লোৱা বুলি স্হানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে৷

