মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ একাউণ্টতত হঠাতে সোমালে ৫ কোটি টকাঃ কোনে আগবঢ়ালে এই পাঁচ কোটি টকা

অসমত বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে ৫কোটি টকাৰ সাহায্য আগবঢ়াই জিন্দাল গ্ৰুপে। সামাজিক মাধ্যমত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-

আজি পুৱাতে অসমৰ সংকটময় এই সময়ত এক মানৱীয় পদক্ষেপৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল। জে এছ ডব্লিউৰ অধ্যক্ষ শ্ৰীসজ্জন জিন্দাল ডাঙৰীয়াই অসমত শেহতীয়া বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ অনুদান আগবঢ়াইছে। এই মহানুভৱী পদক্ষেপৰ বিষয়ে আমি কোনো আগতীয়া তথ্য পোৱা নাছিলোঁ। আজি পুৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক হিচাপ পৰ্যালোচনা কৰাৰ সময়তহে এই অনুদানৰ বিষয়ে অৱগত হওঁ।

আমি জানো যে শ্ৰীসজ্জন জিন্দাল ডাঙৰীয়াৰ মাতৃ অ’ পি জিন্দাল গোটৰ মূল অধ্যক্ষ শ্ৰীমতী সাৱিত্ৰী জিন্দাল অসমৰে জীয়ৰী। অসমক প্রয়োজনৰ সময়ত এনে সহায়ৰ বাবে অসমৰ জনসাধাৰণৰ হৈ শ্ৰীসজ্জন জিন্দাল ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুদানৰ প্ৰতিটো টকাই বানপীড়িত লোকসকলৰ পুনৰ্বাসন আৰু জীৱন পুনৰ গঢ়ি তোলাৰ কামত ব্যয় কৰা হ’ব।

Related Articles