Breaking

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫০ হাজাৰ টকা আৰ্থিক অনুদান দৰঙৰ অৱসৰী শিক্ষকৰ

0 190

জয়দেৱ ডেকা, দৰং

দৰঙৰ এগৰাকী অৱসৰী শিক্ষকৰ মহানুভৱতা ৷ বিগত দিন ধৰি চৰকাৰে মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যি যুদ্ধ কৰি আহিছে আৰু সেই যুদ্ধৰ সৈনিকৰ ৰূপত থকা চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী আৰু সংবাদকৰ্মীসকলৰ অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিবৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫০ হাজাৰ টকা আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা সংবাদ মাধ্যমৰ যোগেদি ঘোষণা কৰিছিল দৰঙৰ পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত পোটাপুখুৰীৰ গীৰিশ চন্দ্ৰ চমুৱা নামৰ অৱসৰী শিক্ষকগৰাকীয়ে৷ সংবাদ মাধ্যমৰ ওচৰত কথা দি কথা ৰাখিলে অৱসৰী শিক্ষকগৰাকীয়ে৷ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকাক সন্মুখত ৰাখি ৫০ হাজাৰ টকা মঙগলদৈ এছবিআইৰ জৰিয়তে প্ৰদান কৰে অৱসৰী শিক্ষকগৰাকীয়ে৷  শিক্ষকতাৰ দৰে মহান বিত্তত নিয়োজিত হৈ থাকি অৱসৰ গ্ৰহণ কৰা অৱসৰী শিক্ষক গীৰিশ চন্দ্ৰ চমুৱাই চৰকাৰে জনোৱা অনুৰোধ আৰু মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে চৰকাৰে কৰা যুদ্ধত সেইসকল যোদ্ধালৈ  অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিবলৈ যি অনুদান আগবঢ়াইছে তাৰ বাবে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে অৱসৰী শিক্ষকগৰাকীক৷

Leave A Reply