মৃ*ত্যু*ৰ পূৰ্বেই সৎকাৰৰ বাবে সকলোসামগ্ৰী যোগাৰ কৰি চৰম পন্থা বাচিল’লে শিক্ষক দম্পতীয়ে…

ৰাজ্যখনত চাৰিওফালে ৰঙালী বিহুৰ আনন্দ উছাহ চলি থকাৰ মাজতে ওদালগুৰি জিলাৰ কলাইগাঁওত ৰাতিপুৱা এক শোকাবহ ঘটনা সংঘটিত হয়। ঘটনা অনুসৰি, কলাইগাঁও থানাৰ অন্তৰ্গত গেৰুৱা বেলতলি নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন্দ্ৰ শইকীয়া আৰু তেওঁৰ পত্নী দময়ন্তী শইকীয়াক আজি ৰাতিপুৱা প্ৰায় দহ মান বজাত নিজৰ ঘৰৰ বাথৰুমত মৃত অৱস্থাত স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰে। পৰিয়ালৰ সদস্য আৰু স্থানীয় ৰাইজে ঘটনাটোৰ খবৰ পোৱাৰ পিছতে অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনাস্থলীত কলাইগাঁও আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰে। আৰক্ষীৰ এই তদন্ত কালত ঘটনাস্থলীৰ পৰা এখন চুইচাইড নোট আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।


উদ্ধাৰ হোৱা নোটত উল্লেখ আছে যে, আৰ্থিক দৰিদ্ৰতা আৰু দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ বাবে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে।


ইফালে মৃতদেহৰ ওচৰতে এখন দা, তুলি, ৰছী, চোতালত পাৰি থোৱা অৱস্থাত আছিল এখন ঢাৰি, আৰু বেত ইত্যাদি কিছুমান সামগ্ৰী উদ্ধাৰ হোৱাৰ পিছত প্ৰাথমিক অনুসন্ধানত ই এক আত্মহত্যা বুলিয়েই অভিহিত কৰিব পাৰি। দম্পতীহালে দুই শিক্ষিত পুত্ৰ ঘৰত উপস্থিত নথকা অৱস্থাত এই ভয়ংকৰ কান্দ সংঘটিত কৰিলে বুলি স্থানীয় ৰাইজে জানিব দিয়ে। অবশ্য ওদালগুৰিৰ আৰক্ষীৰ পৰবৰ্তী তদন্তত ই আত্মহত্যা নে এক পৰিকল্পিত হত‍্যাকাণ্ড সেয়া স্পষ্ট হব।
কলাইগাঁওৰ পৰা শশাংক প্ৰতীম শান্ডিল্য।

Related Articles