ৰাজ্যৰ অন্যতম চাৰিচকীয়া বাহন বিক্ৰেতা প্ৰতিষ্ঠান RD মটৰছ যোৰহাটে ৰাজ্যৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ কায়িক,মানসিক তথা শাৰীৰিক উৎকৰ্ষ সাধনৰ অৰ্থে বিভিন্ন কায্যসূচী হাতত লৈছে। বিষ্ণু ৰাভা দিৱসৰ দিনাই RD মটৰছে মেলেঙৰ পুষ্পবন শিশু নিকেটন প্ৰাথমিক বিদ্যালয়ত এখন শিশু উদ্যান মুকলি কৰে।
উল্লেখযোগ্য যে এই প্ৰতিষ্ঠানে বছৰটোৰ ৫২ টা সপ্তাহতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এইদৰে শিশুসকলৰ বাবে এখনিকৈ শিশুসকলক উদ্যান প্ৰস্তুত কৰি আহিছে যাৰ ফলশ্ৰুতিত ইতিমধ্যে জিলাখনৰ লগতে ৰাজ্যখনত বিশেষ সমাদৰ অৰ্জন কৰিছে RD মটৰছে।
ইপিনে ব্যৱসায়ৰ সমান্তৰালকৈ প্ৰতিষ্ঠানটোৱে যি সামাজিক দায়বদ্ধতাৰ নিৰ্দশন দাঙি ধৰিছে সেয়া ৰাইজে আদৰ্শ বুলি অভিহিত কৰিছে আৰু আগলৈও এইদৰে কাম কৰি যাবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।এই শুভ সময়ত প্ৰতিষ্ঠানৰ বিষয়ববীয়াই জনাই যে বিগত সময়চোৱাত তেওঁলোকে বিদ্যালয়সমূহত ডেস্ক,বেঞ্চতে ধৰি এইদৰে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি অহাৰ লগতে বিভিন্ন সময়ত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বহু ৰোগীক সহায় কৰি আছে আৰু এই সামাজিক কৰ্মৰাজি ব্যৱসায়াৰ সমান্তৰালকৈ অনাদি অনন্ত কাললৈ অব্যাহত থাকিব।
এই শিশু উদ্যান মুকলি অনুষ্ঠানত আৰ ডি মটৰচৰ কৰ্মচাৰী সকলৰ লগতে স্থানীয় গণ্য মান্য ব্যক্তি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল উপস্থিত থাকে।

