Breaking

মৌমিতা সাহাই ৯০.০৮ শতাংশ নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়ালে বিলাসীপাৰা মহকুমালৈ…

0 92

আজি ঘোষিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত বিলাসীপাৰা মহকুমাৰ ভিতৰত স্কুল অৱ বেচিকছ ছায়েন্স বিদ্যালয়ৰ পৰীক্ষাৰ্থী মৌমিতা সাহাই টপাৰ স্থান দখল কৰি মহকুমাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শিক্ষাৰ্থী সাহাই ৯০.০৮ শতাংশ নম্বৰ লাভ কৰে। সাহাই ইংৰাজীত ৯১,অলটাৰনেটিভ ইংৰাজীত ৯৫,ফিজিক্সত ৯৭,কেমেষ্ট্ৰীত ৮৪ বায়লজিকেলত ৮৭ ,মুঠ নম্বৰ ৪৫৪ পাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ পৰা মুঠ ৭৭ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৩৮ গৰাকী প্ৰথম বিভাগত, ২৯ গৰাকী দ্বিতীয় আৰু ৮ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।লগতে ৪ গৰাকী ডিষ্টিংচন আৰু ১১ গৰাকীয়ে ষ্টাৰ নম্বৰলৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে।

তদুপলক্ষে আয়োজিত এক অনুষ্ঠানত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক ফুলাম গামোছা, জাপি আদিৰে বিদ্যালয়খনৰ পৰা সম্বৰ্দ্ধিত কৰি ছাত্ৰ ছাত্ৰীসকলে হৰ্ষ উল্লাসেৰে বিলাসীপাৰা নগৰখন পৰিভ্ৰমণ কৰে। নগৰখনৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানে স্কুল অৱ বেছিক্চ ছায়েন্স বিদ্যালয়খনলৈ অভিনন্দন জনাই উত্তৰোত্তৰ কামনা কৰে।

Leave A Reply