মৰিকলঙৈ গৌৰৱ কঢ়িয়ালে ভাস্বতী বৰাইঃ “প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি সুখ্যাতি অৰ্জন”

“নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটি” চমুকৈ “নেহুৰ” দ্বাৰা পৰিচালিত স্নাতকোত্তৰ (বিজ্ঞান শাখা)ৰ চুড়ান্ত পৰীক্ষাৰ
যোৱাকালি ঘোষিত ফলাফলে নগাঁও চহৰৰ টাউন-মৰিকলং অঞ্চলৈ গৌৰৱ কঢ়িয়াই আনিছে কৃৰ্তী ছাত্ৰী ভাস্বতী বৰাই৷

তেওঁ মেঘালয়ৰ শ্বিলঙস্থিত নেহুত স্নাতকোত্তৰ শ্ৰেণীৰ জু’লজি বিভাগত দুটা বছৰৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ছাত্ৰীগৰাকীয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এই সুখ্যাতি লাভ কৰি পৰিয়ালৰ লগতে অঞ্চলটোলৈগৌৰৱ কঢ়িয়াই আনিছে৷ তেওঁ টাউন- মৰিকলং নিবাসী মুনীন্দ্ৰ কুমাৰ বৰা আৰু বিভা বৰা কন্যা৷ সৰুৰে পৰাই অধ্যয়নৰ প্ৰতি বিশেষ ধাউতি থকাৰ লগতে ক্লাছিকেল সংগীতত বিশাৰদ সন্মান লাভ কৰা ছাত্ৰীগৰাকীয়ে ভৱিষ্যত দিনত পিএইছডি ডিগ্ৰী কৰি এগৰাকী সফল অধ্যাপিকা হোৱাৰ মন আছে লগতে তেওঁ সদ্যঘোষিত ফলাফল বাবে বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত “গ’ল্ড মেডেল” লাভ কৰাৰ পূৰ্ণ সম্ভৱনা পকত হৈ পৰিছে বুজি জানিব পৰা গৈছে৷

বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি ইয়াৰ লগতে ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটি জলপানী লাভ কৰিব অনাগত দিনত আৰু অধিক শিক্ষা লাভত সহায়ক হোবাকৈ৷ উল্লেখ এই যে, উত্তৰ পূৰ্বাঞ্চলৰ একমান পাহাৰীয়া এই বিশ্ববিদ্যালয় খনৰ পৰা ২০২৫-২৬ বৰ্ষৰ পৰীক্ষাত মুঠ ৩৩গৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্তীণ হৈছিল আৰু ৩৩গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উৰ্ত্তীণ হ’বলৈ সক্ষম হৈছে৷ জু’লজি বিভাগৰ এইবৰ্ষত বিশ্ববিদ্যালয় খনৰ উৰ্ত্তীণ হাৰ ১০০ শতাংশ বুলি জানিব পৰা গৈছে৷

Related Articles