মৰিগাঁৱত নিচামুক্ত ভাৰত অভিযানৰ অধীনত সজাগতা কাৰ্যসূচী অনুষ্ঠিত

আজি শ্ৰী বীৰেন্দ্ৰ সিং মেহৰা, উপ-কমাণ্ডেণ্ট/কাৰ্যবাহী কমাণ্ডেণ্ট, প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ সুদক্ষ মাৰ্গদৰ্শনত ডি কোম্পানী, মৰিগাঁৱৰ উদ্যোগত মৰিগাঁও ৱাকিং জ’নৰ তৰুণ ৰাম ফুকন খেলপথাৰত “A Step Towards a Healthier Morigaon” শীৰ্ষক নিচামুক্ত ভাৰত অভিযানৰ অধীনত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল সাধাৰণ ৰাইজৰ মাজত ড্ৰাগছ সেৱনৰ কু-প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু এখন সুস্থ তথা নিচামুক্ত সমাজ গঢ়ি তোলাৰ বাবে সকলোকে উৎসাহিত কৰা।

কাৰ্যসূচীৰ সময়ত ইন্সপেক্টৰ/GD শ্ৰী মিলন বিশ্বাসে উপস্থিত ৰাইজক ড্ৰাগছ আসক্তিৰ ভয়াবহ পৰিণতি, ইয়াৰ ফলত হোৱা শাৰীৰিক আৰু মানসিক ক্ষতি তথা নিচামুক্ত জীৱনশৈলী গ্ৰহণ কৰাৰ গুৰুত্ব সম্পৰ্কে বিতংভাৱে অৱগত কৰে।

উক্ত কাৰ্যসূচীত মৰিগাঁৱৰ বিভিন্ন গাঁৱৰ ৪০ গৰাকী সাধাৰণ নাগৰিক আৰু সশস্ত্ৰ সীমা বলৰ ৩০ গৰাকী জোৱানকে ধৰি মুঠ ৭০ গৰাকী ব্যক্তিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰে এনে সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে ড্ৰাগছৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে এখন সুস্থ, সুৰক্ষিত আৰু নিচামুক্ত সমাজ গঢ়ি তোলাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Related Articles