সত্ৰনগৰী বৰপেটাত সত্ৰ সংস্কৃতিৰ বহুল অধ্যয়নৰ বাবে পোন প্ৰথমবাৰৰ বাবে গবেষণা কেন্দ্ৰ মুকলি কৰা হ’ব

সত্ৰনগৰী বৰপেটাত সত্ৰ সংস্কৃতিৰ বহুল অধ্যয়নৰ বাবে পোন প্ৰথমবাৰৰ বাবে গবেষণা কেন্দ্ৰ মুকলি কৰা হ’ব।

বৰপেটাৰ সত্ৰ সংস্কৃতিৰ লগতে বৰপেটাৰ থলুৱা পৰম্পৰাৰ বিষয়ে জানিবলৈ প্ৰথম বাৰৰ বাবে বৰপেটাত গবেষণা কেন্দ্ৰ মুকলি কৰাৰ কথা প্ৰকাশ কৰে।

বৰপেটাৰ পুৰণি নাম তাঁতীকুছি নামেৰে পৰিচিত সামাজিক সাংস্কৃতিক অনুষ্ঠান তাঁতীকুছিয়ে।

ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে যোগাযোগ কৰিছে তাঁতীকুছিৰ লগত।

লগতে প্ৰতিবছৰৰ দৰে এইবছৰো প্ৰদান কৰিব তাঁতীকুছি বঁটা।

বঁটা প্ৰাপকৰ নাম ঘোষণা।

এই বেলি তাঁতীকুছি বঁটা প্ৰদান কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড . মনমোহন দাসক।

Related Articles