যন্তৰ-মন্তৰত যুদ্ধসদৃশ পৰিৱেশঃ ক’কৰোচ্ছ জনতা পাৰ্টীৰ “সংসদ চলো” পদযাত্ৰা

ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত কাইলৈ ক’কৰোচ্ছ জনতা পাৰ্টীৰ উদ্যোগত গ্ৰহণ কৰা হৈছে “সংসদ চলো” শীৰ্ষক পদযাত্ৰাৰ কাৰ্যসূচী। ইয়াৰ মাজতে ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰ এলেকা এতিয়া এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থী, সমাজকৰ্মী, সাধাৰণ জনতা আৰু ছাত্ৰনেতাসকলে বৃহৎ সংখ্যাত একত্ৰিত হৈ নীটৰ প্ৰশ্নকাকত ফাদিল আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি ২০ জুলাইত সংসদলৈ “সংসদ চালো” পদযাত্ৰাৰ বাবে সাজু হৈছে।এই পৰিপ্ৰেক্ষিতত, দিল্লী আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। যন্তৰ-মন্তৰৰ চাৰিওফালে আৰক্ষীৰ কটকটীয়া বেষ্টনী স্থাপন কৰাৰ লগতে চিআৰপিএফ বাহিনীও মোতায়েন কৰা হৈছে। প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণত ৰাখিবলৈ বহু সংখ্যক ডিটেনচন বাছ আৰু পানী হিলৈও সাজু কৰা হৈছে। সংসদ মাৰ্গ থানাও ইতিমধ্যে ছীল কৰা হৈছে বুলি জানিব পৰা গৈছে। ক’কৰোচ্ছ জনতা পাৰ্টীৰ মুখপাত্ৰ আশুতোষ ৰাংকাই সামাজিক মাধ্যমত জনোৱা মতে, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

তেওঁ সকলোকে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক সতৰ্ক হৈ প্ৰতিবাদস্থলীত উপস্থিত থাকিবলৈ আৰু নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়। ইফালে দিল্লী আৰক্ষীয়ে সোমবাৰে অনুষ্ঠিত হ’বলগা এই পদযাত্ৰাক “অবৈধ” বুলি ঘোষণা কৰিছে। আৰক্ষীৰ মতে, এই প্ৰতিবাদৰ বাবে কোনো নতুন অনুমতি বিচৰা হোৱা নাই আৰু যদি প্ৰতিবাদকাৰীসকলে সংসদ অভিমুখে আগবঢ়ে, তেন্তে তেওঁলোকক আটক কৰা হ’ব।এই আন্দোলনে ইতিমধ্যে বিভিন্ন মহলৰ পৰা সমৰ্থন লাভ কৰিছে। শনিবাৰে নিশাও যন্তৰ-মন্তৰত প্ৰতিবাদ অব্যাহত আছিল। প্ৰতিবাদকাৰীসকলে শ্ল’গান, সাংস্কৃতিক কাৰ্যসূচী আৰু ভাষণৰ জৰিয়তে নিজৰ প্ৰতিবাদ জোৰদাৰ কৰি ৰাখিছে। উল্লেখ্য দেশজুৰি প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ, পৰীক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰ, পৰীক্ষা সংস্থাৰ জবাবদিহিতা, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আদিৰ দাবীত ২৮ জুনৰ পৰা সোণম ৱাংচুকৱে আমৰণ অনশন কৰিছিল ৷ যাৰ ফলত ক্ৰমাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল ৷ ১৭ জুলাইৰ পুৱা চিকিৎসকলে কৰা স্বাস্থ্য পৰীক্ষাত তেওঁৰ ওজন ৯ কিলোগ্ৰামতকৈও অধিক হ্ৰাস পাইছিল ৷

কিন্তু ১৮ জুলাই তাৰিখে পুৱা প্ৰায় ৭ বজাত ৱাংচুকক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে প্ৰতিবাদস্থলীৰ পৰা দিল্লী আৰক্ষীৰ জোৰকৈ লৈ যোৱা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে । একাংশই দাবী কৰে যে সাধাৰণ কাপোৰ পিন্ধা আৰক্ষীৰ লোকে ৱাংচুকক স্থানান্তৰিত কৰাৰ পূৰ্বে চিকিৎসা দলৰ ৰূপ লৈ প্ৰতিবাদস্থলীত প্ৰৱেশ কৰে । আৰক্ষীয়ে তেওঁলোকৰ লগতো হতাহতিত লিপ্ত হোৱাৰ অভিযোগ কৰে ৷

Related Articles