Breaking

যুৱ লেখক কমল কুমাৰক সাহিত্য সাৰথি বঁটা প্ৰদান

0 92

অসমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান নিৰ্মল আৰু প্ৰাগজ্যোতিষ ন্যাসৰ উদ্যোগত বৰ্ণিল কাৰ্যসূচীৰে আজি শুক্ৰবাৰে বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত বটাঁ প্ৰদান অনুষ্ঠানত যুৱ লেখক কমল কুমাৰক প্ৰাগজ্যোতিষ সাহিত্য সাৰথি বটাঁ প্ৰদান কৰা হয় ।  সাহিত্য আৰু সামাজিক আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত  বিগত প্ৰায় ডেৰ দশক ধৰি নিৰলসভাবে সেৱা আগবঢ়োৱাৰ উপৰিও আৰ্তজনক সহায়, সমাজৰ কুসংস্কাৰ, অন্ধ বিশ্বাস দূৰীকৰণ, ক’ৰোনা মহামাৰীৰ আতংকৰ সময়ত প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে কাম কৰাৰ লগতে সাহিত্যৰ পথাৰত নতুন প্ৰজন্মক আগবঢ়াই অনাৰ চেষ্টাৰ বাবে কমল কুমাৰলৈ আগবঢ়াইছে সাহিত্য-সাৰথি ২০২১ বঁটা।

দৰং জিলাৰ সাত্শয়া কুমাৰপাৰা গাঁৱত জন্ম গ্ৰহণ কৰা কমল কুমাৰে প্ৰথমে মংগলদৈৰ পৰা প্ৰকাশিত মংগল বাতৰি, নতুন প্ৰবাহৰ বাতৰি কাকতৰ জৰিয়তে সাংবাদিকতাৰ পৃথিৱীত খোজ দি পৰবৰ্তী সময়ত অসমৰ বহুকেইখন আগশাৰীৰ কাকতত সাংবাদিকতা কৰাৰ লগতে মননশীল লেখনিৰ জৰিয়তে সাহিত্য পৃথিৱীলৈ বৰঙণিৰ লগতে  কুৰি খনকৈও অধিক গ্ৰন্থ সম্পাদনা কৰাৰ উপৰিও  অসমৰ জনপ্ৰিয় আলোচনী ‘মায়া’ৰ কাৰ্যবাহী সম্পাদক, ‘বিন্দু আলোচনী’ৰ সম্পাদক হিচাবে দীৰ্ঘ সময় কাৰ্যনিৰ্বাহ কৰে। সম্প্ৰতি অসমৰ জনপ্ৰিয় নিউজ পৰ্টেল ‘প্ৰথম খবৰ’ৰ কাৰ্যবাহী সম্পাদক কমল কুমাৰে সমান্তৰালকৈ অসমৰ বিভিন্ন স্থানত ৰক্তদান শিবিৰ , কেন্সাৰ ৰোগ প্ৰতিৰোধ সম্পৰ্কে সজাগতা সভা, বিশেষভাৱে সক্ষম লোকৰ মাজত  বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি অহাৰ লগতে অসমৰ অন্যতম জাতীয় অনুষ্ঠান ঐক্য সেনা অসমৰ জন্ম লগ্নৰে পৰা মুখ্য মুখ্যপাত্ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি জাতিৰ সংকট কালত বলিষ্ঠ কন্ঠৰে মাত মাতি আহিছে। 

সামাজিক সংস্থা শুভাকাংক্ষীৰ জন্মদাতা কমল কুমাৰে শুভাকাংক্ষীৰ জৰিয়তে বানপীড়িত লোকক সহায়, অসমৰ সাহিত্য – সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰত উজ্জ্বলি উঠা প্ৰতিভাসমূহক একত্ৰ কৰি ভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।  আনহাতে “ধুনীয়া বাবেই ভালপাওঁ তোমাক”,  “ৰক্ত কমল”  কাব্য গ্ৰন্থৰ বাবে অসম চৰকাৰৰ লেখক সন্মান লাভ কৰে।   “মজেবাই” নামৰ বিশেষ এখন উপন্যাস শীঘ্ৰেই প্ৰকাশ হ’ব বুলি জনায় কুমাৰে।

আজি আবেলি ১ বজাৰ পৰা অনুষ্ঠিত হৈ যোৱা উক্ত সভাত প্ৰস্তুতি পৰাশৰক শ্ৰেষ্ঠ অভিনেত্ৰী, প্ৰিয়ংকা ভৰালীক শ্ৰেষ্ঠ কন্ঠশিল্পী, বেহাৰবাৰী আউটপোষ্টক শ্ৰেষ্ঠ ধাৰাবাহিকৰ বঁটা প্ৰদান কৰিব বুলি জনায় অধ্যক্ষা ত্ৰিৱেণী শৰ্মা বৰুৱা, সম্পাদক উৎপল ভৰদ্বাজ আৰু আহ্বায়ক মুন তালুকদাৰে ।

Leave A Reply