লখিমপুৰৰ কণানদীত লজ্জাজনক কাণ্ড: স্বামীৰ সন্মুখতে মহিলাক অপদস্থ আৰু আক্ৰমণৰ অভিযোগ ।Lakhimpur
Lakhimpur প্ৰাপ্ত তথ্য অনুসৰি, কণানদী তিনিআলিত লক্ষ্যজিৎ বৰা নামৰ এজন যুৱকে দীৰ্ঘদিন ধৰি এখন ফাষ্টফুডৰ দোকান চলাই পৰিয়াল পোহপাল দি আহিছিল। জৰাজীৰ্ণ হৈ পৰা দোকানখন নতুনকৈ নিৰ্মাণ কৰাৰ সময়তে একাংশ লোকে দোকানখন ভাঙি লণ্ডভণ্ড কৰে বুলি অভিযোগ উত্থাপিত হৈছে।

ভুক্তভোগী পৰিয়ালৰ অভিযোগ মতে, হৰকান্ত চাৰিঙীয়াৰ নেতৃত্বত একাংশ পুৰুষ আৰু মহিলাই ঘটনাস্থলীত উপস্থিত হৈ দোকানখনত আক্ৰমণ চলায়। ইয়াৰ পিছতে লক্ষ্যজিৎ বৰাৰ পত্নীক ৰাজপথতে অপদস্থ কৰাৰ লগতে তেওঁৰ ওপৰত শাৰীৰিক আক্ৰমণ চলোৱা হয় বুলি অভিযোগ কৰা হৈছে। আক্ৰমণত তুলসী পায়েং, পাপলু পায়েং, টুটু কামান আৰু জেৰিফা কামান জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।
ঘটনাটোৰ সময়ত উপস্থিত কিছুমান লোকে ভুক্তভোগীক সহায় কৰাৰ পৰিৱৰ্তে সমগ্ৰ ঘটনাৰ ভিডিঅ’ মোবাইলত ৰেকৰ্ড কৰে। পিছত সেই ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ পায়, যাক লৈ বিভিন্ন মহলত ক্ষোভৰ সৃষ্টি হৈছে।
ইফালে, ঘটনাটোক লৈ স্থানীয় ৰাইজ আৰু বিভিন্ন সংগঠনে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। মহিলাৰ মৰ্যাদা আৰু সুৰক্ষাৰ ওপৰত সংঘটিত এই অভিযোগিত ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীও উত্থাপিত হৈছে।
ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। অৱশ্যে অভিযোগসমূহৰ সত্যতা সম্পৰ্কে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।
এই ঘটনাই পুনৰ এবাৰ সমাজত মহিলাৰ সুৰক্ষা আৰু আইন-শৃংখলা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

