Drugs Rules, 1945 । দেশজুৰি কফ ছিৰাপ আৰু অন্যান্য ঔষধি ছিৰাপৰ বিক্ৰী-ক্ৰয় সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিয়ম অনুসৰি, এতিয়াৰ পৰা চিকিৎসকৰ বৈধ প্ৰেছক্ৰিপশ্যন অবিহনে কফ ছিৰাপ বা অন্যান্য ঔষধি ছিৰাপ কিনিব বা বিক্ৰী কৰিব নোৱাৰিব।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে Drugs (Fifth Amendment) Rules, 2026 জাৰি কৰি Drugs Rules, 1945-ত সংশোধন আনিছে। এই সংশোধনৰ জৰিয়তে Schedule K-ৰ অন্তৰ্গত ঔষধৰ তালিকাৰ পৰা “Syrups” শব্দটো বাদ দিয়া হৈছে। ফলস্বৰূপে, কফ ছিৰাপকে ধৰি সকলো ঔষধি ছিৰাপৰ Over-the-Counter (OTC) বিক্ৰী বন্ধ হৈছে।
এতিয়ালৈকে সাধাৰণ কাহ-জ্বৰ বা সৰু-সুৰা অসুস্থতাৰ ক্ষেত্ৰত বহু লোকে কোনো চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধৰ দোকানৰ পৰা কফ ছিৰাপ কিনি ব্যৱহাৰ কৰিছিল। কিন্তু নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছত পঞ্জীয়নভুক্ত চিকিৎসকৰ লিখিত প্ৰেছক্ৰিপশ্যন দেখুৱাইহে ফাৰ্মাচীৰ পৰা এইধৰণৰ ছিৰাপ সংগ্ৰহ কৰিব পাৰিব।
স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ঔষধৰ অপব্যৱহাৰ নিয়ন্ত্ৰণ, স্ব-চিকিৎসাৰ প্ৰৱণতা হ্ৰাস আৰু ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ কফ ছিৰাপৰ ভুল ব্যৱহাৰ আৰু অনিয়ন্ত্ৰিত বিক্ৰীয়ে স্বাস্থ্যজনিত বিপদ বৃদ্ধি কৰাৰ আশংকাক গুৰুত্ব দি চৰকাৰে নিয়ম কঠোৰ কৰিছে।
উল্লেখ্য যে, বিগত কেইবছৰমানত ভাৰতীয় নিৰ্মিত কিছুমান কফ ছিৰাপক কেন্দ্ৰ কৰি দেশ-বিদেশত বিতৰ্কৰ সৃষ্টি হৈছিল। দূষিত বা নিম্নমানৰ কফ ছিৰাপ ব্যৱহাৰৰ সৈতে জড়িত একাধিক মৃত্যুৰ ঘটনাৰ পিছতে ঔষধৰ গুণগত মান, নিয়ন্ত্ৰণ ব্যৱস্থা আৰু বিক্ৰী প্ৰক্ৰিয়াক লৈ উদ্বেগ বৃদ্ধি পাইছিল। সেই প্ৰেক্ষাপটতে কেন্দ্ৰীয় চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
নতুন নিয়ম কাৰ্যকৰী হোৱাৰ লগে লগে দেশৰ সকলো ফাৰ্মাচী আৰু ঔষধ বিক্ৰেতাই সংশোধিত বিধি অনুসৰণ কৰিব লাগিব। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই ব্যৱস্থাই ঔষধৰ দায়িত্বশীল ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে জনস্বাস্থ্য সুৰক্ষাত সহায়ক হ’ব।

