Breaking

লিংগ পৰিৱৰ্তন কৰি বিয়া কৰোৱাব বিচাৰিছিল বান্ধৱীক, কিন্তু জন্মদিনৰ দিনাই বান্ধীক জীৱন্তে জ্বলাই হত্যা

0 57

লিংগ পৰিৱৰ্তন কৰি বিয়া কৰোৱাব বিচাৰিছিল বান্ধৱীক, কিন্তু জন্মদিনৰ দিনাই বান্ধীক জীৱন্তে জ্বলাই হত্যা, দুয়োগৰাকীয়েই যুৱতী। একেলগে থাকে। কিন্তু তেওঁলোকৰ মাজৰে এগৰাকীয়ে লিংগ পৰিৱৰ্তন কৰি আনগৰাকী যুৱতীক বিয়া কৰোৱাৰ বাবে সাজু হ’ল। কিন্তু গৈ থৈ শেষ পৰিণতি অতি বেয়া হ’ল। দৰাচলতে বান্ধৱীক বিয়া পাতিবলৈ লিংগ সলনি কৰিছিল এগৰাকী যুৱতীয়ে। যুৱতীৰ পৰা তেওঁ হৈছিল পুৰুষ। কিন্তু এতিয়া প্ৰেমিকা প্ৰস্তুত নহয় তেওঁক বিয়া পাতিবৰ বাবে। এই কথাত খং উঠি প্ৰেমিকাক হত্যা কৰে যুৱকগৰাকী অৰ্থাত ট্ৰান্সমেনগৰাকীয়ে।

তামিলনাডুৰ চেন্নাইৰ পৰা পোহৰলৈ আহিছে এই হৃদয় বিদাৰক ঘটনা। ঘটনাটো প্ৰকাশ পোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ট্ৰেন্সমেনজনে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে ছোৱালীজনীৰ লগত এই কাম কৰিছিল। লিংগ পৰিৱৰ্তনৰ পিছত ছোৱালীৰ পৰা ল’ৰালৈ ৰূপান্তৰিত হোৱা লোকজনে ছোৱালীজনীক হত্যা কৰে। ছোৱালীজনীয়ে তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই তেওঁ এনে কৰিছিল।

তথ্য অনুসৰি চেন্নাইৰ ২৫ বছৰীয়া অভিযন্তা যুৱতী নন্দিনীক ট্ৰেন্সমেন ভেত্ৰিমাৰণে হত্যা কৰিছে। ভেত্ৰিমাৰণ প্ৰথমে নন্দিনীক শিকলিৰে বান্ধি দিলে। ইয়াৰ পিছত ডিঙি, হাত আৰু ভৰিত ব্লেডেৰে আক্ৰমণ কৰে। ইয়াৰ পিছত তেওঁ ইয়াতেই ক্ষান্ত নাথাকি নন্দিনীক জীয়াই জীয়াই জ্বলাই দিলে।

এই গোচৰত আৰক্ষীয়ে ২৭ বছৰীয়া ট্ৰেন্সমেন ভেত্ৰিমাৰণক গ্ৰেপ্তাৰ কৰিছে। জেৰাৰ সময়ত জানিব পৰা গৈছে যে তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই তেওঁ নন্দিনীক হত্যা কৰিছে।

অভিযুক্ত ভেত্ৰিমাৰন মাদুৰাইৰ বাসিন্দা। যোৱা কেইমাহমান ধৰি তেওঁ থ’ৰাইপাক্কামৰ এটা চফটৱেৰ কোম্পানীত কাম কৰি আছিল। কোম্পানীতেই তেওঁ আৰু নন্দিনীৰ লগ হৈছিল। প্ৰথমে বন্ধুত্ব গঢ়ি উঠিছিল আৰু পাছত প্ৰেমত পৰিছিল। শেহতীয়াকৈ ভেত্ৰিমাৰনে নন্দিনীক বিয়াৰ প্ৰস্তাৱ দিওঁতে তেওঁ নাকচ কৰিছিল।

Leave A Reply