লোক নিৰ্মাণ নিৰ্মাণ বিভাগৰ (পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) আয়ুক্ত আৰু বিশেষ সচিব হিচাপে দায়িত্ব গ্ৰহণ দেৱজিৎ দাসৰ

ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত এক গুত্বপূৰ্ণ পদত নতুন দায়িত্ব গ্ৰহণ কৰিছে দেৱজিৎ দাসে। আজি বৃহস্পতিবাৰে তেওঁ অসম চৰকাৰৰ লোক নিৰ্মাণ নিৰ্মাণ বিভাগৰ (পথ) সচিব পদৰ পৰা পদোন্নতি লাভ কৰি লোক নিৰ্মাণ বিভাগৰ (পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) আয়ুক্ত তথা বিশেষ সচিব হিচাপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে।
চৰকাৰী জাননী অনুসৰি, জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁৰ এই নতুন দায়িত্ব গ্ৰহণে ৰাজ্যখনৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ নিৰ্মাণ তথা মেৰামতিৰ কাম-কাজত অধিক গতিশীলতা আনিব বুলি আশা কৰা হৈছে।

