হাফলং উপ-কাৰাগাৰত অসুস্থ জুবিন হত্যাৰ অভিযুক্ত শেখৰজ্যোতি গোস্বামী

জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত হৈ হাফলং উপ-কাৰাগাৰত বন্দী হৈ থকা শেখৰজ্যোতি গোস্বামী শাৰীৰিক অসুস্থতাত ভুগিছে।জানিব পৰা মতে, কাৰাগাৰত থকা অৱস্থাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।

ইয়াৰ পিছতে আদালতত মেডিকেলৰ নথি-পত্ৰ দাখিল কৰা হৈছে।এই সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালতে শেখৰজ্যোতি গোস্বামীক সময়মতে উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে।

উল্লেখ্য যে, ছিংগাপুৰত সংঘটিত ঘটনাৰ সময়ত শেখৰজ্যোতি গোস্বামীও উপস্থিত আছিল আৰু তেতিয়াৰে পৰা তেওঁ হাফলং উপ-কাৰাগাৰত কাৰাবন্দী হৈ আছে।

Related Articles