নলবাৰী জিলাৰ বলোৱা গঙ্গাপুৰ গাওঁ পঞ্চায়ত প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ অন্তৰ্গত “ৰ’দালি শতদল শাখা সাহিত্য সভা” উদ্যোগত ১০ মে’ দেওবাৰে ৰাতিপুৱা ১০ বজাত “শংকৰ আজান সমন্বয় বঁটা”প্ৰাপক অনন্ত ভৰালীৰ “বলোৱাৰ সুবাস” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। ভৰালীয়ে জীৱনৰ বিয়লি বেলাত সূদীৰ্ঘ দহ বছৰৰ সাধনাৰে লিখি উলিয়ালে “বলোৱাৰ সুবাস” শীৰ্ষক এখন ইতিহাসসমৃদ্ধ গ্ৰন্থ। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে “ৰ’দালি শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা অৱসৰী শিক্ষক ৰমেশ কুমাৰ হালৈয়ে। ইয়াৰ পূৰ্বে ৰাতিপুৱা ১০ বজাত ৰ’দালি শতদল শাখা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি ৰমেশ কুমাৰ হালৈয়ে।”ৰ’দালি শতদল শাখা সাহিত্য সভা”ৰ প্ৰতিষ্ঠাপক সভাপতি তথা সেই সময়ৰ”দক্ষিণ পকোৱা ছোৱালী হাইস্কুল”ৰ অৱসৰী প্ৰধান শিক্ষক,সু-লেখক অনন্ত হালৈ ৰচিত “বলোৱাৰ সুবাস” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বঙাইগাঁওস্থিত বীৰঝৰা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ অমল ডেকাই।
গ্ৰন্থখন উন্মোচন কৰি ডঃ ডেকাই কয় যে মানৰ অসম আক্ৰমণ আৰু কোঁচ-আহোমৰ যুদ্ধৰ সময়ত বলোৱা গাওঁখন প্ৰতিষ্ঠা হোৱা বুলি মন্তব্য কৰি আজিৰ প্ৰজন্মই এই সমল গ্ৰন্থখনৰ জৰিয়তে জ্ঞান লাভ কৰিব বুলিও মন্তব্য কৰে। অসম তথা ভাৰতৰ বুৰঞ্জীত হয়তো এই গাওঁখনৰ পৰা প্ৰকাশিত এই গ্ৰন্থখনে এক সমল প্ৰদান কৰিব পাৰে বুলিও আশা প্ৰকাশ কৰে। ইয়াৰ পিছতে ১০.৩০ বজাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট কবি সাহিত্যিক, সমালোচক, নলবাৰীস্থিত শংকৰদেৱ শিশু নিকেতনৰ অধ্যক্ষ ডঃ বিনয় কুমাৰ মজুমদাৰ। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মজুমদাৰে ভাষণ প্ৰসংগত অতীত অবিহনে ভৱিষ্যতৰ কথাৰ কোনো মূল্য নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কিতাপে নেতৃত্ব দিয়া সমাজখন সদায়েই নৈতিকতাৰে পৰিপূৰ্ণ সমাজ বুলি মন্তব্য কৰি অনন্ত ভৰালীয়ে “বলোৱাৰ সুবাস” গ্ৰন্থখনৰ ৰচনাৰে বলোৱা অঞ্চলৰ এটি ভেঁটি স্থাপন কৰি থৈ যোৱাৰ কথা কৈ ভৰালীৰ গ্ৰন্থখনক এখন তথ্যসমৃদ্ধ গৱেষণালব্ধ গ্ৰন্থ বুলিও মন্তব্য কৰে। সকলো ক্ষেত্ৰতে আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ নকৰি নিজৰ মন মস্তিষ্কৰ ব্যৱহাৰ কৰাটোও নিজৰ চিন্তাৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।
হেৰাই যাবলৈ ধৰা তথা এসময়ত অসমীয়া সমাজত বহুল প্ৰচলিত গ্ৰাম্য ভাষাসমূহ হেৰাই যাবলৈ নিদি ধৰি ৰখাৰ বাবেও সকলোকে আহ্বান জনায়। এতিয়া চহৰ নগৰৰ জীৱনশৈলী আজি একাকাৰ হৈ পৰাৰ কথা কৈ আজিৰ সমাজখন “কল্পনাহীনতাৰ ৰোগ”ত আক্ৰান্ত বুলিও মন্তব্য কৰে। আনহাতে, গ্ৰন্থ উন্মোচনী সভাত মনৰ অনুভৱ ব্যক্ত কৰে গ্ৰন্থখনৰ লেখক অনন্ত হালৈয়ে। অশেষ কষ্ট আৰু অধ্যয়নৰ পিছতহে ২০১৭ চনত গ্ৰন্থখনৰ ৰচনাৰ কাম আৰম্ভ কৰি ২০২৬ চনৰ আজিৰ দিনটোলৈ প্ৰায় সুদীৰ্ঘ দহ বছৰ কাল ধৰি বিভিন্ন ক্ষেত্ৰৰ পৰা সমৃদ্ধ সমলেৰে গ্ৰন্থখন ৰচনা কৰাৰ কথা অৱগত কৰে অৱসৰী প্ৰধান শিক্ষক তথা সু- লিখক অনন্ত ভৰালীয়ে।
গ্ৰন্থখনত মানৰ অসম আক্ৰমণকে ধৰি বলোৱা গাওঁৰ ঐতিহ্য পৰম্পৰা আৰু বিশেষকৈ বলোৱা নামৰ ইতিবৃত্ত জানিব পাৰিব বুলিও জনায় লেখক অনন্ত হালৈয়ে। আমি শিপাক পাহৰি যাব নালাগে বুলিও মন্তব্য কৰি অঞ্চলটোৰ পুৰুষনামাবলীও গ্ৰন্থখনত সন্নিবিষ্ট কৰাৰ কথা অৱগত কৰে। উল্লেখ্য যে ৰ’দালি শতদল শাখা সাহিত্য সভাৰ সভাপতি, সম্পাদক, বিষয়ববীয়া প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনতেই অঞ্চলটোৰ ৩০ গৰাকীকৈ জ্যেষ্ঠ লোকক সম্বৰ্ধনা জনোৱা হয়। অনন্ত ভৰালীৰ সহধৰ্মিনী তথা প্ৰাক্তন শিক্ষয়িত্ৰী বীণা ভৰালী, ২৭ নং বলোৱা গঙ্গাপুৰ গাওঁ পঞ্চায়তৰ সভাপতি উৎপল বৰ্মণ প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনৰ অন্তত “ৰ’দালি শতদল শাখা সাহিত্য সভা”ৰ সম্পাদক ভগৱান ভৰালীয়ে সভাখন সুকলমে অনুষ্ঠিত হৈ যোৱা বাবে সকলোকে ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ায়। শেষত জাতীয় সংগীত পৰিৱেশনেৰে গ্ৰন্থ উন্মোচনী সভাখনৰ সামৰণি পৰে।

