Breaking

শিক্ষাবিদ-সমাজকৰ্মী মতি বৰাৰ স্মৃতিচাৰণ সভাত উন্মোচন ‘ব্যক্তিত্বৰ সৌৰভ’

0 28

গহপুৰ বৌদ্ধিক সমাজৰ উদ্যোগত শিক্ষাবিদ তথা সমাজকৰ্মী মতি বৰাৰ এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। ১৭ নবেম্বৰৰ বিয়লি ১.৩০ বজাৰ পৰা অনুষ্ঠিত স্মৃতিচাৰণ সভাত শিক্ষাবিদ মতি বৰা সম্পৰ্কীয় ২৫০ পৃষ্ঠাৰ এখনি স্মাৰক গ্ৰন্থ উন্মোচন কৰা হয়।

বিশিষ্ট শিক্ষাবিদ মতি বৰাৰ পৰলোকপ্ৰাপ্তিৰ এমাহ সম্পূৰ্ণ হোৱাৰ পাছত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনি গহপুুুৰ নগৰৰ ৰূপনগৰস্থিত তেওঁৰ বাসগৃহত অনুষ্ঠিত হয়। বিশিষ্ট কবি তথা জ্যেষ্ঠ সাংবাদিক নগেন কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত প্ৰয়াত মতি বৰাৰ প্ৰতিচ্ছবিৰ কাষত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা একালৰ ছাত্ৰ কীৰ্তি কুমাৰ শৰ্মাই।পুষ্পাঞ্জলি অৰ্পণ কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গজেন বৰুৱাই। তেওঁলোকে প্ৰয়াত মতি বৰা জীৱন শৈলীৰ সম্পৰ্কে নাতিদীৰ্ঘ বক্তব্য আগবঢ়ায়।

বিপুল কুমাৰ দিহিঙীয়াই আঁতধৰা অনুষ্ঠানটিত শিক্ষাবিদ মতি বৰাৰ পত্নী ৰীণা বৰাই আদৰণী ভাষণ আগবঢ়ায় আৱেগিক হৈ পৰে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ দত্তই ‘ব্যক্তিত্বৰ সৌৰভ’ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰি গহপুুুৰৰ অতি পৰিচিত শিক্ষাবিদ তথা গহপুুুৰৰ এগৰাকী অভিভাৱক স্বৰূপ ব্যক্তিত্বৰ পৰিচয় প্ৰকাশ আদৰণীয় বুলি উল্লেখ কৰি তেওঁৰ আদৰ্শ নৱ-প্ৰজন্মৰ বাবে সদায়ে পাথেয় হৈ ৰ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। গহপুৰৰ বৌদ্ধিক সমাজৰ হৈ নগেন কোঁৱৰ, সবিতা কোঁৱৰ, জগদীশ শৰ্মা, সুৰেণ শৰ্মা, বিপুল কুমাৰ দিহিঙীয়া, অঞ্জু বৰা দত্ত, অৰ্চনা বৰা গগৈৰ সম্পাদনাত প্ৰকাশিত স্মাৰক গ্ৰন্থত শিক্ষাবিদ মতি বৰাৰ ব্যক্তিত্বৰ বিষয়ে অৰ্ধশতাধিক সুধীজনে তেওঁলোকৰ লেখনিৰে গ্ৰন্থখনি সমৃদ্ধ কৰিছে।

সভাত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজা, বিশ্বনাথ জিলা নাট্য সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি বংশী বৰা, গহপুুুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা গহপুুুৰ কবি কাননৰ সভানেত্ৰী নিকুঞ্জ কোঁৱৰ মহন্ত, গহপুুুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কবিৰাজ শৰ্মা, সিদ্ধেশ্বৰ হাজৰিকা, পদ্মকান্ত ভূঞা, গোপাল নেৱাৰকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে শিক্ষাবিদ মতি বৰাৰ ব্যক্তিত্বৰ বিষয়ে নাতিদীৰ্ঘ বক্তব্য আগবঢ়ায়। শিশু শিল্পী দেৱাশিস বৰাই বৰগীত পৰিৱেশন কৰি অনুষ্ঠান আৰম্ভ কৰা সভাত মতি বৰাৰ একালৰ অতি ঘনিষ্ঠ তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দুৰ্গা প্ৰসাদ সভাপণ্ডিতৰ মতি বৰা সম্পৰ্কীয় এটি লেখা পাঠ কৰে সম্পাদনা সমিতিৰ অন্যতম সদস্য জগদীশ শৰ্মাই।

Leave A Reply